
নিউজ ডেস্কঃ ভাৰতীয় খাদ্য নিগমৰ সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ দৌৰাত্ম্যতাৰ বাবে নগাঁৱত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী আত্মনিৰ্ভশীল মহিলাই।
এই ঘটনাই সমগ্ৰ নগাঁৱত শোকৰ সৃষ্টি কৰাৰ লগতে মহিলাগৰাকীৰ মৃত্যুক লৈ জিলা প্ৰশাসন আৰু ভাৰতীয় খাদ্য নিগমৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় ৰাইজে।

জানিব পৰা মতে, শুকুৰবাৰে পুৱা নগাঁৱৰ ধানৱী নিচান নামৰ গাড়ী বিক্ৰী প্ৰতিষ্ঠানত কৰ্মৰত অনুপ্ৰভা দাস (৪৮) নামৰ মহিলাগৰাকীয়ে কৰ্মস্থলীলৈ খোজকাঢ়ি আহি থকা সময়তে ভাৰতীয় খাদ্য নিগমৰ নগাঁৱৰ শেনচোৱাস্থিত গুদামলৈ সামগ্ৰী কঢ়িওৱা এএছ-০১ এচি-৭৯৩৮ নম্বৰৰ দ্ৰুতবেগী ট্ৰাকখনে তেওঁক পিছফালৰ পৰা খুন্দা মাৰে।
ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীক লগে লগে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
ইফালে মহিলাগৰাকীৰ মৃত্যুৰ পিছতে ভাৰতীয় খাদ্য নিগম আৰু নগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ জাহিৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় ৰাইজে।

ভাৰতীয় খাদ্য নিগমৰ সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ দৌৰাত্ম্যৰ বাবে পূৰ্বেও বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ তোলে স্থানীয় লোকসকলে।
আনহাতে এই সন্দৰ্ভত জিলা প্ৰশাসনক বহুবাৰ অৱগত কৰাৰ পিছতো প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

পিচত নগাঁও জিলাৰ উপায়ুক্ত নিসর্গ হিগড়েয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ভাৰতীয় খাদ্য নিগমৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰে আলোচনামৰ্মে মৃতকৰ পৰিয়াললৈ নগদ দহ লাখ টকাৰ আৰ্থিক সাহায্য আৰু মৃতকৰ পৰিয়ালৰ এজনক ভাৰতীয় খাদ্য নিগমত স্থায়ী পদত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্রদান কৰে।