শাহু-বোৱাৰীয়ে মিলি চলাইছে ড্ৰাগছৰ বেহা! আৰক্ষীয়ে উৎখাত কৰিলে ঘাটি

নগাঁও জিলাৰ ইটাচলীত শাহু-বোৱাৰীয়ে মিলি দীৰ্ঘদিনৰ পৰা চলাই অহা ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

জানিব পৰা মতে, নগাঁৱৰ ডছন হাইস্কুলৰ খেলপথাৰৰ সমীপৰ এটা বাসগৃহ আৰু টাউন তেলীয়া গাঁৱৰ আন এটা বাসগৃহত এন্টি নাৰক’টিক স্বাদৰ দলে গোপন খবৰৰ ভিত্তিত অভিযান চলায়।

এই অভিযানকালত বৃহৎ পৰিমাণৰ হেৰোইনসহ সম্পৰ্কত শাহু-বোৱাৰী সীমা বৰা ওৰফে ৰুমী আৰু পিংকি বৰা ওৰফে পৰীস্মিতাক আটক কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইটাচলী আৰক্ষী চকীৰ নাতিদূৰৈত এইহাল শাহু-বোৱাৰীয়ে অবৈধ ড্ৰাগছৰ ব্যৱসায় দীৰ্ঘদিনৰ পৰা চলাই আহিছিল। বিশেষকৈ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ড্ৰাগছৰ আসক্তি বৃদ্ধি কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।

উলেখ্য যে সীমা বৰাৰ পুত্ৰ আৰু পিংকি বৰাৰ স্বামী ড্ৰাগছৰ গোচৰত বৰ্তমান কাৰাবাসত আছে।

আনহাতে, এজন ড্ৰাগছ ব্যৱসায়ী ছাত্ৰৰ স্বীকাৰোক্তি মতে, নগাঁৱত বিকাশ নামৰ এজন ড্ৰাগছ ব্যৱসায়ীয়ে কলেজীয়া ছাত্ৰক পিষ্টলেৰে ভয় ভাবুকি প্ৰদান কৰি ছাত্ৰক ড্ৰাগছ ব্যৱসায়ত জড়িত কৰাই আহিছে।

আৰক্ষীয়ে অভিযুক্ত ছাত্ৰ জনৰ পৰাও বৃহৎ পৰিমাণৰ হেৰোইন জব্দ কৰিবলৈ সক্ষম হৈছে।

ইতিমধ্যে ইটাচালি আৰক্ষীয়ে ড্ৰাগছৰ ব্যৱসায়ৰে জড়িত থকাৰ অভিযোগত ৪ জন ছাত্ৰৰ লগতে বিকাশক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই চক্ৰটোৰ জিম্মাৰ পৰা আৰক্ষীয়ে ২১ লাখ টকাৰ হেৰোইন জব্দ কৰাৰ লগতে নগদ ধনো জব্দ কৰে ৷

Leave a Comment