‘শাহুৰ অত্যাচাৰ সহিব নোৱাৰি এই সিদ্ধান্ত লৈছো, মোক ন্যায় দিব’- এগৰাকী বোৱাৰীৰ চৰম সিদ্ধান্ত…

প্ৰতিদিনে ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটো হত্যা হিংসাৰ ঘটনা।
এইবাৰ এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
শোৱনি কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী বোৱাৰীৰ মৃতদেহ।
দৰং জিলাৰ মালিবাৰীটাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

দুৰ্ভগীয়া নিশামণি
মৃত মহিলাগৰাকী দৰং জিলাৰ মালিবাৰীটাৰীৰ অৱনী নাথৰ পত্নী তুলিকা কাকতি।
অৱশ্যে মৃত্যুৰ পূৰ্বে তুলিকাই আইনাত লিপিষ্টিকেৰে লিখি থৈ গৈছে চুইছাইড নোট।
তেওঁ লিখিছে- আজি এবছৰ মোৰ শাহুৰ অত্যাচাৰ সহিব নোৱাৰি মই এই সিদ্ধান্ত লৈছো।মোৰ সন্তানক বিষ খুৱাই মাৰিলে। মোক ন্যায় দিব।’

স্বামী অৱনী নাথ
ইপিনে মৃতদেহৰ মূৰত আঘাতৰ চিনো স্পষ্ট বুলি উল্লেখ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।
এই কথা পোহৰলৈ অহাৰ পিছতে ইতিমধ্যে ঘটনাস্থলীত বুঢ়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে অভিযুক্ত স্বামী অৱনী নাথ আরু শাহু সোনেশ্বৰী নাথক আটক কৰিছে।
উল্লেখ্য যে, বাক্সা আৰু ওদালগুৰীৰ সীমান্তৱৰ্ত্তী গোৰেশ্বৰৰ সমীপৰ ১ নং ৰৌমাৰীৰ তুলিকা কাকতিয়ে ডেৰ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল।

সোণেশ্বৰী নাথ, শাহু
বিবাহৰ পিছৰে পৰা তুলিকাক স্বামীগৃহত শাৰিৰীক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আনকি গৰ্ভস্থ সন্তানকো পৰিকল্পিতভাৱে হত্যা কৰাৰ কথা বিশেষ টোকাত উল্লেখ কৰিছে তুলিকাই।
আনহাতে পৰিয়ালৰ লোকে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে।