শাসকীয় দলৰ বিধায়িকাৰ গালত স্বামীৰ পূৰ্ণহতীয়া চৰ, গােচৰ ৰুজু মহিলা আয়ােগৰ…

নিউজ ডেস্কঃ পাৰিবাৰিক নিগ্ৰহৰ বলি এগৰাকী বিধায়িকা! স্বামীৰ হাতত নিৰ্যাতিত হোৱা এগৰাকী আম আদমী পাৰ্টীৰ বিধায়িকাৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে পঞ্জাৱ ৰাজ্যিক মহিলা আয়োগে।

অভিযোগ অনুসৰি, পঞ্জাৱৰ তালাৱাণ্ডী সাবোৰ আম আদমী পাৰ্টীৰ নৱ নিৰ্বাচিত বিধায়িকা বলজিন্দৰ কৌৰক শাৰীৰিক-মানসিক নিৰ্যাতন চলাই আহিছিল স্বামী সুখৰাজ সিঙে।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল বিধায়িকা আৰু তেওঁৰ স্বামীৰ কাজিয়াৰ এটা ভিডিঅ’। এই ভিডিঅ’টোত প্ৰথমে স্বামী সুখৰাজ সিঙে বিধায়িকা বলজিন্দৰ কৌৰৰ সৈতে তৰ্কত লিপ্ত হোৱা দেখা গৈছে। ইয়াৰ মাজতে স্বামীয়ে উঠি আহি পৰিয়ালৰ সন্মুখতে পত্নী তথা বিধায়িকাগৰাকীৰ গালত এটা চৰ শোধায়।

এই পাৰিবাৰিক নিগ্ৰহৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে পঞ্জাৱৰ ৰাজ্যিক মহিলা আয়োগে নিজা ববীয়াকৈ এটা গোচৰ ৰুজু কৰি স্বামী সুখৰাজ সিঙলৈ এখন জাননী প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, বিধায়িকা বলজিন্দৰ কৌৰৰ স্বামী সুখৰাজ সিঙো এগৰাকী আম আদমী পাৰ্টীৰ নেতা। ২০১৯ চনৰ ফেব্ৰুৱাৰীত তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল। সেই সময়ত পঞ্জাৱৰ মাঝা অঞ্চলৰ আপৰ যুৱ শাখাৰ আহ্বায়ক হিচাপে কাম কৰি আছিল সুখৰাজ সিঙে।

ইফালে খোদ এগৰাকী বিধায়িকা এনেদৰে পাৰিবাৰিক নিগ্ৰহৰ বলি হোৱাৰ ঘটনাই পঞ্জাৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।