fbpx
অসম

শংকৰদেৱ সংঘৰ অধিৱেশনৰ পৰা আহি থাকোতেই হঠাতে অসুস্থ হৈ মৃত্যু প্ৰাক্তন ছাত্ৰ নেতা খগেন গগৈৰ…

এক দুঃখবৰ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ পৰা আহি থাকোতেই হঠাতে অসুস্থ হৈ মৃত্যুক সাৱটিলে এগৰাকী প্ৰাক্তন ছাত্ৰ নেতাই।

প্ৰাক্তন ছাত্ৰ নেতা তথা অসম সাহিত্য সভাৰ ২০২৩ বৰ্ষৰ লখিমপুৰ অধিৱেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক তথা নকাড়ী নিবাসী খগেন গগৈৰ শনিবাৰে নিশা আকস্মিক মৃত্যু হয়।

গগৈয়ে লখিমপুৰ জিলা সাহিত্য সভা আৰু উত্তৰ লখিমপুৰ সাহিত্য সভাৰ দীৰ্ঘদিন ধৰি সভাপতি আৰু সম্পাদক হিচাপে সেৱা আগবঢ়াই আহিছিল।

লখিমপুৰ জিলা ছাত্ৰ সন্থা আৰু উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্ব প্ৰদান কৰা গগৈ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰো বিষয়ববীয়া আছিল।

কেইবছৰমান পূৰ্বে গগৈ সক্ৰিয় ৰাজনীতিত নামি পৰিছিল আৰু বিধানসভা নিৰ্বাচনত লখিমপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল।

মৃত্যুৰ সময়ত তেওঁ পত্নী সহ কন্যা আৰু বহু আত্মীয় স্বজনক এৰি থৈ যায়।

Related Articles

Back to top button