ৰাষ্ট্ৰীয়অসমীয়া

লোহা-টিং কঢ়িওৱা পিতৃৰ ভঙা টেম্পোখনেই আশ্রয়স্থল ৩ শিশুৰ, ষ্ট্ৰীট লাইটৰ পোহৰত পঢ়ি দেখিছে ‘মানুহ’ হোৱাৰ সপোন

নিউজ ডেস্ক। অন্ন, বস্ত্ৰ, বাসস্থান প্ৰতিজন ব্যক্তিৰে অধিকাৰ, মূল প্ৰয়োজন। কিন্তু এইখন ভাৰততে কোটি কোটি লোকৰে মূৰৰ ওপৰত এখন চালি নাই, খাবলৈ এমুঠি ভাত নাই!

কেৰালাৰ তিৰুৱনন্তপুৰমৰ নিবাসী নাজিৰৰ বাবেই প্ৰতিটো পুৱা এখন যুদ্ধৰ দৰেই। তিনি সন্তানক মানুহ ৰূপে গঢ়ি তুলিবলৈ নাজিৰে কৰা সংগ্রামে আজি যথেষ্ট চৰ্চা লাভ কৰিছে।

নাজিৰৰ জ্যেষ্ঠ পুত্ৰৰ বয়স ১১ বছৰ। তাৰ পিছতে ৮ বছৰীয়া কন্যা সন্তানটো আৰু ৫ বছৰীয়া আন এটি লৰা সন্তান।

অইন ধৰ্মত বিয়া কৰোৱাৰ বাবেই পৰিয়ালে বহিস্কাৰ কৰিছিল নাজিৰক। তাৰ পিছতে আৰম্ভ হৈছিল নাজিৰৰ জীৱন যুদ্ধ।

G1 3

কণিষ্ঠ পুত্ৰৰ জন্মৰ পিছতে তিনি সন্তানক নাজিৰৰ ওচৰত এৰি পত্নী আন এজনলৈ পলাই গৈছিল।

তেতিয়াৰ পৰা সন্তান কেইটাৰ সমস্ত দায়িত্ব অকলেই পালন কৰিছে নাজিৰে।

কিন্তু নাজিৰৰ বাবে প্ৰধান সমস্যা আছিল- তিনি সন্তানৰ সৈতে গৃহহাৰা নাজিৰ থাকিব কত?

যোৱা আঠ মাহ ধৰি নাজিৰ আৰু তেওঁৰ সন্তানে বস্তা, মোনা, কিতাপ, প্লেটৰ মাজতে জীৱনটো পাৰ কৰি আহিছে।

লোহা-টিঙৰ বেপাৰী নাজিৰে ঘৰৰ পৰা প্লাষ্টিক আৰু লোৰ আৱৰ্জনা সংগ্ৰহ কৰি নিজৰ পুৰণি টেম্পো গাড়ীৰে জাবৰ পেলোৱা ঠাইলৈ লৈ যায়।

এতিয়া সেই টেম্পোখনেই হৈ পৰিছে তেওঁৰ তিনি সন্তানৰ নিশাৰ আশ্রয়স্থলীও।

প্ৰতিদিনে পুৱা পৰিয়ালটোৱে ষ্টেচনৰ এটা ৱেটিং ৰুমৰ কাষৰ বাথৰুমটো ব্যৱহাৰ কৰে। নাজিৰে নিজৰ ল’ৰা-ছোৱালীক স্কুললৈ সাজু কৰি ৰাতিপুৱা ৯:৩০ বজাত স্কুলত থৈ আহে।

সন্ধিয়া তেওঁ সিহঁতক তুলি লৈ তেওঁলোকৰ বিশেষ ঠাইলৈ লৈ যায়। যত নিশাৰ ষ্ট্ৰীট লেম্পৰ ম্লান হৈ অহা পোহৰৰ তলত শিশুসকলে নিজৰ দৈনন্দিন পাঠ গ্ৰহণ কৰে।

লকডাউনৰ সময়ছোৱাত নাজিৰ আৰু তেওঁৰ সন্তানক এটা শিবিৰলৈ লৈ যায় আৰক্ষীৰ লগতে অন্যান্য সামাজিক কৰ্মীসকলে।

কিন্তু লকডাউন প্ৰত্যাহাৰ কৰাৰ পিছতে তেওঁলোক ঠাই এৰি যাবলৈ বাধ্য হয়। তাৰ পিছত ৰেলৱে কোৱাৰ্টাৰৰ এটা চিংগল ৰুমত থাকিবলৈ লয়৷

কিন্তু কোৱাৰ্টাৰত যেতিয়া সংস্কাৰৰ কাম আৰম্ভ হ’ল, তেতিয়া নাজিৰৰ হাতত নিজৰ গাড়ীখনকে আশ্রয়স্থল কৰি লোৱাৰ বাহিৰে আন উপায় নাছিল।

বৰষুণ দিলে নাজিৰে বাহনখনৰ ওপৰত এখন তিৰপাল আঁৰি দিয়ে। তথাপিও ল’ৰা-ছোৱালীবোৰ আৰু তেওঁলোকৰ কিতাপবোৰ প্ৰায়ে তিতি যায়।

স্কুল বন্ধৰ সময়ত নাজিৰে কাম এৰি দিয়ে, কাৰণ তেওঁৰ সন্তানক এৰি যাবলৈ ঠাই নাই।

তিনিওটা ল’ৰা-ছোৱালীয়ে পঢ়া-শুনাত পাকৈত।

ইয়াৰ পূৰ্বে একাংশ সংগঠনৰ হস্তক্ষেপত ডাঙৰ পুত্ৰক চাংগনাছেৰীৰ এখন বিদ্যালয়ত ভৰ্তি কৰা হৈছিল।

দুসপ্তাহ আগতে ছুটীত ঘৰলৈ আহিছিল। ছুটী শেষ হ’ল, কিন্তু ল’ৰাটো এতিয়াও ইয়াতেই আছে কাৰণ নাজিৰৰ তাক ঘূৰাই পঠিয়াবলৈ টকা নাই৷

নাজিৰে কয়, ‘ঘৰ ভাড়াত ল’ব নোৱাৰো৷ দৈনিক মজুৰিৰে সন্তানক খুৱাওঁ। সেই দিনবোৰত যেতিয়া মই কাম এৰিবলগীয়া হয়, আমাৰ হাতত কেৱল আমাৰ ভোক নিবাৰণৰ বাবে পানীহে থাকে।’

এনে জীৱন সংগ্ৰামৰ মাজতো নাজিৰে নিজৰ তিনি সন্তানক লৈ সপোন দেখে। শিশু কেইটিৰ ভৱিষ্যতে তেওঁৰ দৰেই অৱস্থা নহয়, তাৰ বাবে শিক্ষিত কৰিব বিচাৰে নাজিৰে।

নাজিৰৰ এই কাহিনীয়ে এতিয়া সামাজিক মাধ্যমতো চৰ্চা লাভ কৰিছে।

Related Articles

Back to top button