লোমহৰ্ষক! ৰাজপথত ছোৱালী জোকাবলৈ অস্বীকাৰ কৰাৰ বাবেই যুৱকক ছুৰীকাঘাত কৰি নৃংশসভাৱে হত্যা উদণ্ড যুৱকৰ দলৰ…

নিউজ ডেস্কঃ নৱবৰ্ষৰ প্ৰাক সন্ধ্যা ছোৱালী জোকাবলৈ মানা কৰাৰ বাবেই এজন যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰিলে উদণ্ড যুৱকৰ দলে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বিহাৰৰ বৈশালী জিলাত।

নিহত যুৱকজনৰ নাম কৃষ্ণ বুলি জানিব পৰা গৈছে।

ইফালে ঘটনাৰ পিছতে ক্ষুব্ধ স্থানীয় ৰাইজে যুৱকজনৰ মৃতদেহ লৈ হাজীপুৰ-মাহনাৰৰ ১১২বি ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ঘটনাৰ বিৱৰণী অনুসৰি, ৩১ ডিচেম্বৰৰ সন্ধিয়া বৈশালী জিলাৰ দেশাৰী থানাৰ টকীয়া পঞ্চায়তত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, কৃষ্ণ নামৰ যুৱকজনক স্থানীয় কেইজনমান উদণ্ড মুছলমান যুৱকে ৰখাই সেই সময়ত স্কুলৰ পৰা ওভতা কেইগৰাকীমান ছাত্ৰীক ৰাজহুৱাভাৱে নিৰ্যাতন চলাবলৈ কয়।

কিন্তু যুৱকজনে সেয়া কৰিবলৈ অস্বীকাৰ কৰাত এজন যুৱকে চুৰীৰে কৃষ্ণক উপৰ্যুপুৰি আঘাত কৰাত ৰক্তাক্ত হৈ মৃত্যু ঘটে যুৱকজনৰ।

এই ঘটনাৰ পিছতে স্থানীয় একাংশ লোকে ঘটনাক গৰিহণা দি যুৱকজনৰ মৃতদেহটো লৈ ৰাজপথৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি শান্ত কৰাৰ লগতে যুৱকজনৰ মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি এজন যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে যদিও বাকী সকলৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে।