fbpx
অসমীয়াৰাষ্ট্ৰীয়

লোমহৰ্ষক! হোলীৰ ছুটীত ঘৰলৈ অহা চিকিৎসক প্ৰেয়সীক প্ৰথমে নৃশংসভাৱে হত্যা, তাৰ পিছতে আত্মহত্যাৰ চেষ্টা প্ৰেমিক যুৱকৰ…

নিউজ ডেস্কঃ চিকিৎসক প্ৰেয়সীক হত্যা কৰি নিজৰো আত্মহত্যাৰ চেষ্টা প্ৰেমিক যুৱকৰ।

জম্মুৰ জনীপুৰ অঞ্চলত সংঘটিত এই লোমহৰ্ষক কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে, বুধবাৰে সন্ধিয়া জোহৰ গনাই (৩০) নামৰ যুৱকজনে চিকিৎসক প্ৰেয়সী ডাঃ সুমেধা (২৬)ক ছুৰীকাঘাত কৰি হত্যা কৰাৰ পিছত নিজেও আত্মহত্যাৰ চেষ্টা চলায়।

ইফালে এই কাণ্ড সংঘটিত কৰাৰ পূৰ্বে অভিযুক্ত যুৱকজনে ফেচবুকযোগে আত্মহত্যাৰ কথা সদৰী কৰিছিল।

এই সন্দৰ্ভত যুৱকজনৰ আত্মীয়ই আৰক্ষীক অৱগত কৰাত এছএইচ অ’ পৰিদৰ্শক বিজয় কুমাৰৰ নেতৃত্বত জনীপুৰ আৰক্ষীৰ এটা দল যুৱকজনৰ বাসগৃহত উপস্থিত হয়।

ভিতৰৰ পৰা তলাবন্ধ ঘৰটোৰ দুৱাৰ ভাগি আৰক্ষী ঘৰৰ ভিতৰত প্ৰৱেশ কৰাত ডা০ সুমেধাৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰাৰ লগতে কাষতে প্ৰেমিক জোহৰ গনাইকো আঘাতপ্ৰাপ্ত অৱস্থাত প্ৰত্যক্ষ কৰে।

পেটত ছুৰীৰে আঘাত কৰি আত্মহত্যাৰ চেষ্টা চলোৱা যুৱকজনক পৰৱৰ্তী সময়ত আৰক্ষীয়ে সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱায়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পেছাত দন্ত চিকিৎসক ডা০ সুমেধা আৰু জোহৰ গনাইৰ মাজত দীৰ্ঘদিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক।

হোলীৰ ছুটীত দুয়োজন কৰ্মস্থলীৰ পৰা ঘৰলৈ অহাৰ পিছতে প্ৰেমিকক লগ কৰিবলৈ ঘৰলৈ গৈছিল ডা০ সুমেধা।

সেই সময়তে দুয়োৰে মাজত সংঘটিত কোনো মতানৈক্যৰ পিছত অভিযুক্তই চিকিৎসকগৰাকীক হত্যা কৰি নিজেও আত্মহত্যাৰ চেষ্টা চলোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

অভিযুক্তৰ বিৰুদ্ধে ৩০২ ধাৰাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে জনীপুৰ আৰক্ষীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!