fbpx
অসমীয়াৰাষ্ট্ৰীয়

লোমহৰ্ষক! হনীমুনৰ বাবে লোৱা ঋণ পৰিশোধৰ বাবে ৮ বছৰীয়া শিশুক অপহৰণ, পিছত হত্যা…

নিউজ ডেস্কঃ হনীমুনৰ বাবে লোৱা ঋণ পৰিশোধ কৰিবলৈ প্ৰথমে এটি ৮ বছৰীয়া শিশুক মুক্তিপণৰ বাবে অপহৰণ কৰি পৰৱৰ্তী সময়ত হত্যা কৰিলে এজন পাষণ্ডই।

এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে ঝাৰখণ্ডৰ ৰাঁচীৰ বৰিয়াটু থানা এলেকাৰ এদালহাটুত।

হত্যাকাৰীজনৰ পৰিচয় সঞ্জীৱ পাণ্ডা ওৰফে সঞ্জু বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মূলতঃ কোডাৰমাৰ নিৱাসী সঞ্জুৱে প্ৰথমে ৮ বছৰীয়া শৌৰ্য্যক অপহৰণ কৰে আৰু পিছত নৃশংসভাৱে হত্যা কৰে।

জানিব পৰা মতে, হত্যাকাৰী সঞ্জু ভুক্তভোগী শিশুটিৰ পিতৃ ৰাজু গোপেৰ এদালহাটুস্থিত ঘৰত ভনী আৰু ভনীজোঁৱাইৰ সৈতে ভাড়াতীয়া হিচাপে বাস কৰিছিল।

এছ এছ পি কিশোৰ কৌশলে জনোৱা মতে, ৩ মাৰ্চত শৌৰ্য্য অপহৃত হোৱাৰ পিছতে সদৰৰ ডি এছ পি প্ৰভাত ৰঞ্জন বৰৱাৰৰ নেতৃত্বত এটা দল গঠন কৰা হয়।

আৰক্ষীয়ে শিশুটিৰ সন্ধানত অভিযান অব্যাহত ৰখাৰ সময়তে কিছুদিন পিছত নাগডিৰ লালগুটৱাৰ পৰা উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ।

ইয়াৰ পিছতে কল লোকেশ্যন আৰু চিচিটিভি ফুটেজৰ ভিত্তিত সঞ্জুক গ্ৰেপ্তাৰ কৰা হয়।

অপহৰণত ব্যৱহৃত গাড়ী আৰু ভুৱা নম্বৰ প্লেটখনো অভিযুক্তৰ পৰা জব্দ কৰা হৈছে। জেৰাৰ সময়ত অভিযুক্তই অপৰাধ স্বীকাৰ কৰিছে।

এছ এছ পিয়ে জানিবলৈ দিয়া মতে অভিযুক্ত সঞ্জুৰ বহু ঋণ আছে।

এমবিএৰ শিক্ষাও গ্ৰহণ কৰা সঞ্জুৱে পূৰ্বে বাংগালুৰুত কৰ্মৰত আছিল যদিও লকডাউনৰ সময়ত চাকৰি হেৰুৱায়।

ইয়াৰ পিছতে অভিযুক্ত ৰাঁচীলৈ উভতি আহি পুণ্ডাগত থাকিবলৈ লয়।

বিয়া, হনীমুন আৰু গাড়ী কিনিবলৈ বন্ধু-বান্ধৱী আৰু বেংকৰ পৰা ঋণ লৈ থৈছিল সঞ্জুৱে।

পিছত যেতিয়া সকলোৱে তাৰ পৰা টকা বিচাৰিবলৈ আৰম্ভ কৰে, তেতিয়া সেই ঋণ পৰিশোধ কৰিবলৈ শৌৰ্যক অপহৰণ কৰাৰ ষড়যন্ত্ৰ কৰি প্ৰায় ১৫-২০ লাখ টকাৰ মুক্তিপণ লাভৰ চেষ্টা চলায়।

সঞ্জুৱে অপহৰণৰ বাবে দুদিন প্ৰস্তুতি চলোৱাৰ পিছত ৩ মাৰ্চৰ সন্ধিয়া এই অপহৰণকাণ্ড সংঘটিত কৰে।

সন্ধিয়া শৌৰ্য্যই চিপচ কিনিবলৈ দোকানলৈ গৈ ঘূৰি অহাৰ সময়তে সঞ্জুৱে গাড়ীত তুলি অপহৰণ কৰে শিশুটিক।

সেই সময়ত শিশুটিয়ে চিঞৰ বাখৰ কৰাত মূৰত প্ৰহাৰ কৰি অচেতন কৰে অভিযুক্তই।

শিশুটিক অপহৰণৰ পিছত সঞ্জু লালগুটুৱাত উপস্থিত হয়। য’ত অভিযুক্তজনে শৌৰ্য্যক হত্যা কৰি মৃতদেহটো ইটাৰে বান্ধি পানীত পেলাই দিয়ে আৰু কোডেৰমালৈ পলাই যায়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অপহৰণ কাণ্ড কাৰ্যকৰী কৰিবলৈ সঞ্জুৱে গাড়ীখনৰ নম্বৰ প্লেটখনো সলনি কৰিবলগীয়া হৈছিল, যাতে তেওঁ আৰক্ষীক বিপথে পৰিচালিত কৰিব পাৰে। ইয়াত সঞ্জু সফলো হৈছিল।

তেওঁ অ’এলএক্সত এখন পুৰণি গাড়ীৰ নম্বৰ প্লেট বিচাৰি লৈ অপহৰণত ব্যৱহাৰ কৰা গাড়ীখনত একে নম্বৰ প্লেট লগায়।

এই ভুৱা নম্বৰটো আছিল বিহাৰৰ পাটনাৰ। এই নম্বৰৰ তথ্য আৰক্ষীৰ হাতত পোৱাৰ লগে লগে দুটা আৰক্ষীৰ দলে পাটনাত অভিযান চলাবলৈ যায়।

পাটনা পোৱাৰ পিছত আৰক্ষীয়ে সঞ্জুৰ এই কৌশলৰ কথা জানিব পাৰে।

অপহৰণৰ চক্ৰান্ত সফলতাৰে সম্পন্ন কৰিবলৈ সঞ্জুৱে প্ৰথমে নিজৰ বাইকখন বন্ধকত ৰাখি এখন গাড়ী ভাড়াত লৈছিল। ১৭০০ টকা তেওঁ প্ৰতিদিনে গাড়ীৰ বাবে দিবলগীয়া হৈছিল।

কিন্তু সকলো কাম সুপৰিকল্পিতভাৱে কৰিও আৰক্ষীৰ পৰা সাৰি যাবলৈ সক্ষম নহ’ল সঞ্জু।

ইতিমধ্যে আৰক্ষীয়ে সঞ্জুৰ বিৰুদ্ধে সকলো তথ্য-প্ৰমাণ সংগ্ৰহ কৰি অভিযুক্তক জে’ললৈ প্ৰেৰণৰ প্ৰস্তুতি সম্পন্ন কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!