fbpx
অসমীয়াৰাষ্ট্ৰীয়

লোমহৰ্ষক! সুৰাপায়ী ট্ৰাক চালকে ৰাজপথেৰে এক কিলোমিটাৰ চোঁচৰাই লৈ গ’ল চাৰিচকীয়া বাহন, ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ সুৰাসক্ত ট্ৰাক চালকৰ দৌৰাত্ম্যৰ এটা ভিডিঅ’ই তীব্ৰ চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত।

ৰাজপথত সুৰাসক্ত চালকে এক কিলোমিটাৰ চোঁচৰাই লৈ গ’ল এখন চাৰিচকীয়া বাহন।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মীৰাটৰ পাৰ্টাপুৰৰ চি অ’ ব্ৰহ্মপুৰী কাৰ্যালয়ৰ সন্মুখত।

সামাজিক মাধ্যমত এই লোমহৰ্ষক কাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু ইতিমধ্যে আটক কৰিছে সুৰাসক্ত ট্ৰাক চালকজনক।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শ্বোপ্ৰিক্স মলৰ সমীপৰ চি অ’ ব্ৰহ্মপুৰী কাৰ্যালয়ৰ বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনে এক কিলোমিটাৰ চোঁচৰাই লৈ যায় চাৰিচকীয়া বাহনখন।

সৌভাগ্যক্ৰমে সেই সময়ত বাহনখনৰ ভিতৰত কোনো যাত্ৰী নথকাত কোনো লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে।

ঘটনাৰ পিছতে আৰক্ষীয়ে ট্ৰাকচালক আলিপুৰ মৰনা হস্তিনাপুৰৰ নিৱাসী অমিতক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে।

পাৰ্টাপুৰৰ আৰক্ষী পৰিদৰ্শক ৰামফলে কয় যে এতিয়ালৈকে চাৰিচকীয়া বাহনখনৰ গৰাকীয়ে ঘটনা সন্দৰ্ভত কোনো এজাহাৰ দাখিল কৰা নাই।

কিন্তু আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!