লোমহৰ্ষক! শাহু-বোৱাৰীক একেলগে হত্যা কৰি পেলাই থৈ গ’ল মজিয়াত…

নিউজ ডেস্কঃ দুই পুত্ৰ কৰ্মসূত্ৰে বাহিৰলৈ যোৱাৰ সময়তে দুৰ্বৃত্তৰ নৃশংস হত্যাকাণ্ডৰ বলি হ’ল শাহু-বোৱাৰী। ঘৰৰ মজিয়াত দুয়োৰে তেজেৰে তুমুৰলি মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হয় চাঞ্চল্যৰ।

এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে নতুন দিল্লীত। স্বাধীনতা দিৱসৰ নিশা অচিনাক্ত দুৰ্বৃত্তই ঘৰৰ ভিতৰত প্ৰৱেশ কৰি হত্যা কৰি থৈ যায় দুগৰাকী মহিলাক। নিহত দুগৰাকীক বিমলা দেৱী (৭৫) আৰু তেওঁৰ বোৱাৰী ডলী (৪৮) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষী সূত্ৰই সদৰী কৰা মতে, সোমবাৰে কৰ্মৰ খাতিৰত ঘৰৰ পৰা বাহিৰত আছিল বিমলা দেৱীৰ দুই পুত্ৰ। যাৰ বাবে নিশা ঘৰত আছিল তেওঁ আৰু তেওঁৰ ডাঙৰ বোৱাৰী ডলী। আৰু সেই সময়তে ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ অহা দুৰ্বৃত্তই দুয়োকে চোকা অস্ত্ৰৰে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

image 118
লোমহৰ্ষক! শাহু-বোৱাৰীক একেলগে হত্যা কৰি পেলাই থৈ গ’ল মজিয়াত… 2

ইফালে পুৱতি নিশা দুই পুত্ৰ ঘৰলৈ উভতি আহি বহু সময় কলিং বেল বজোৱাৰ পিছতো ভিতৰৰ পৰা কোনো উত্তৰ নহাত অৱশেষত লগত থকা ঘৰৰ ছাবিৰে দুৱাৰ খুলি ভিতৰত প্ৰৱেশ কৰে। আৰু তাৰ পিছতে মজিয়াত ৰক্তাক্ত হৈ পৰি থকা শাহু-বোৱাৰীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে দুয়োজনে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। প্ৰাথমিক অনুসন্ধানত এয়া এক ডকাইতি কাণ্ড বুলি নিশ্চিত কৰি কোনো চিনাকি লোকৰ দ্বাৰাই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে।