
নিউজ ডেস্কঃ গুৱাহাটী মহানগৰীৰ ডাবল মাৰ্ডাৰ কাণ্ডই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত ৰখাৰ সময়তে এইবাৰ আন এক নৃশংস হত্যাকাণ্ডই জোকাৰি গ’ল ওদালগুৰি জিলা।
জিলাখনৰ কলাইগাঁৱত পত্নী আৰু পুত্ৰই মিলি এজন ব্যক্তিক নৃশংসভাৱে হত্যা কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
মহাশিৱৰাত্ৰীৰ নিশা সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ড পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী মাতৃ-পুত্ৰক।
উল্লেখ্য যে, ১৮ ফেব্ৰুৱাৰী অৰ্থাৎ শিৱৰাত্ৰী পূজাৰ নিশাৰ পৰাই সন্ধানহীন হৈ আছিল কলাইগাঁৱৰ হাতীবন্ধা গাঁৱৰ নিৱাসী সৰুৰাম নাথ নামৰ ব্যক্তিজন।
ইয়াৰ পিছতে ২৩ ফেব্ৰুৱাৰীৰ নিশা ঘৰৰ সমীপৰ এটা উল্টা খন্দাত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হয় লোকজনৰ মৃতদেহ।
ইফালে সৰুৰাম নাথৰ ভতিজাক জুবিন নাথে খুৰাকৰ সন্ধানহীন হৈ থকাৰ সম্পৰ্কে খুৰীয়েক পূৰ্ণিমা নাথক সোধাপোছা কৰিছিল।
কিন্তু প্ৰথমে শিৱৰাত্ৰীৰ দিনাই কাম কৰিবলৈ বাহিৰলৈ যোৱা বুলি কোৱা পূৰ্ণিমা নাথে পিছত পুত্ৰ মিণ্টু নাথেৰে সৈতে মিলি স্বামীক হত্যা কৰাৰ কথা স্বীকাৰ কৰাৰ পিছতে এই লোমহৰ্ষক কাণ্ড পোহৰলৈ আহে।
মাতৃ-পুত্ৰই স্বীকাৰ কৰা মতে, মদ খোৱাৰ অজুহাততে শিৱৰাত্ৰীৰ নিশা দুয়োজনে লাঠীৰে মৰিয়াই হত্যা কৰিছিল স্বামী সৰুৰাম নাথক।
ইয়াৰ পিছতে মৃতদেহটো ধান খেৰেৰে জ্বলাবলৈ চেষ্টা কৰে যদিও আধা জ্বলা হোৱাত পিছদিনা পুৱতি নিশা ঘৰৰ কাষৰ এটা উল্টা খন্দাত মৃতদেহটো পেলাই থৈ আহিছিল।
এই হত্যাকাণ্ড পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে মাতৃ পূৰ্ণিমা নাথ আৰু পুত্ৰ মিণ্টু নাথক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।
হত্যাকাণ্ডটোৱে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।