
নিউজ ডেস্কঃ এহাল দম্পতীক এটা ভালুকে জীৱন্তে ভক্ষণ কৰাৰ এটা লোমহৰ্ষক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ভালুকৰ জীৱন্ত নৰভক্ষণৰ এই অবিশ্বাস্য ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ পান্না জিলাত।
জিলাখনৰ ১৬ নং ৰাণীগঞ্জৰ ওচৰত পুৱা মন্দিৰ দৰ্শন কৰিবলৈ যোৱা দম্পতীহালক জীৱন্তে ভক্ষণ কৰে প্ৰকাণ্ড ভালুকটোৱে।

বাতৰি অনুসৰি মুকেশ ৰায় আৰু গুড়িয়া ৰায় নামৰ পতি-পত্নীহালে পুৱা খেৰমাই মন্দিৰ দৰ্শন কৰি উভতি অহাৰ সময়তে তেওঁলোকক এটা ভালুকে আক্ৰমণ কৰে। যাৰ ফলত ঘটনাস্থলীতে নিহত হয় স্বামী-স্ত্ৰীহাল।
ইফালে দম্পতীহালৰ মৃত্যুৰ পিছতো ভালুকটোৱে দুয়োৰে মৃতদেহৰ ওপৰত খোজ কাঢ়িবলৈ ধৰে। ভালুকৰ এই শিহৰণকাৰী ভয়ংকৰ আক্ৰমণৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।
অন্যহাতে গাওঁবাসীয়ে ঘটনাটো প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষী আৰু বন বিভাগক অৱগত কৰে,যদিও খবৰ পোৱাৰ পাছতো বন বিভাগৰ দলটো প্ৰায় তিনি ঘণ্টা পলমকৈহে ঘটনাস্থলীত উপস্থিত হয়। যাৰ ফলত ক্ষুব্ধ ৰাইজে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
ইয়াৰ পিছতে ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হৈ আক্ৰমণকাৰী ভালুকটোক অচেতন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে দম্পতীহালৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইফালে ভালুকৰ আক্ৰমণত নিহত দম্পতীহালৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ সদস্যসকলক সমবেদনা জ্ঞাপন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি তথা খাজুৰাহোৰ সাংসদ বিষ্ণু দত্ত শৰ্মাই।
শৰ্মাই মুখ্যমন্ত্ৰী শিৱৰাজ সিঙ চৌহানকো ঘটনাটোৰ বিষয়ে অৱগত কৰে। তেওঁ পৰিয়ালৰ সদস্যসকলক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস আগবঢ়ায়।