fbpx
অসমীয়াৰাষ্ট্ৰীয়

লোমহৰ্ষক! তীব্ৰবেগী বাহনৰ খুন্দাত বতাহত উফৰি ২০ ফুট দূৰৈত চিটিকি পৰিল পথচাৰী, মৃত্যু, কেমেৰাত বন্দী দুৰ্ঘটনাৰ দৃশ্য…

নিউজ ডেস্কঃ কোৱা হয়- সাৱধানীৰ মৰণ নাই!!

কিন্তু তেওঁ সাৱধান আছিল। ফুটপাথেৰে খোজকাঢ়ি গৈ আছিল।

কিন্তু সেই সময়তে এখন তীব্ৰবেগী বাহনে লোকজনক প্ৰচণ্ড জোৰে খুন্দা মৰাত অকাল মৃত্যু নামি আহে তেওঁলৈ।

এই ভয়ংকৰ দুৰ্ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

দুৰ্ঘটনাৰ স্থল হায়দৰাবাদৰ নাগোল বুলি জানিব পৰা গৈছে।

ভিডিঅ’টোত দেখিবলৈ পোৱা মতে, এজন ব্যক্তিয়ে ফুটপাথেৰে খোজকাঢ়ি আহি আছিল।

সেই সময়তে এখন ক’লা ৰঙৰ তীব্ৰবেগী চাৰিচকীয়া বাহনে লোকজনক প্ৰচণ্ড জোৰে খুন্দা মাৰে।

গাড়ীৰ খুন্দাত বতাহত উফৰি ২০ মিটাৰ নিলগত চিটিকি পৰে লোকজন।

যাৰ ফলত ঘটনাস্থলীতে মৃত্যু ঘটে পথচাৰীজনৰ।

এই দুৰ্ঘটনাৰ পিছতে আৰক্ষীয়ে বাহন চালকজনক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!