
নিউজ ডেস্কঃ টোলগেটত টোল টেক্স বিচৰাৰ বাবেই টোলকৰ্মীক কেইবা মিটাৰ চোঁচৰাই লৈ গ’ল এখন বাহনে।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জালৌৰত।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে লোমহৰ্ষক ঘটনাৰ এটা ভিডিঅ’ও।
জানিব পৰা মতে, জালৌৰৰ এটা টোলগেটত উপস্থিত হোৱা এখন চাৰিচকীয়া বাহনৰ পৰা টোলটেক্স বিচাৰিছিল কৰ্মৰত টোলকৰ্মীয়ে।
কিন্তু অভিযুক্ত বাহন চালকে টোল টেক্স দিয়াৰ পৰিৱৰ্তে টোলকৰ্মীজনক প্ৰথমে গাড়ীৰে খুন্দা মাৰে আৰু তাৰ পিছত কেইবা মিটাৰ চোঁচৰাই নিয়ে।
পিছত ঘটনাস্থলীত উপস্থিত থকা আন লোকসকলে টোল কৰ্মীজনক গাড়ীৰ তলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
এই ঘটনাত অতি গুৰুতৰভাৱে আহত হৈছে টোলকৰ্মীজন।
Shocking video: Toll plaza employee run over by car after he demanded too charge in Rajasthan's Jalore. pic.twitter.com/6VViY9dMdU
— Nakshab (@your_nakshab) December 20, 2022