নিউজ ডেস্কঃ সামান্য কেইটামান টকাৰ লোভ সামৰিব নোৱাৰি দীৰ্ঘদিনৰ প্ৰচেষ্টাৰে অৰ্জন কৰা জনপ্ৰিয়তাখিনি হেৰুৱাবলগীয়া হ’ল এগৰাকী মহিলা আৰক্ষী বিষয়াই।
কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু দায়বদ্ধতা দেখুৱাই কিছুদিন আগলৈকে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল মুন্নী দেৱী নামৰ আৰক্ষীৰ উপ-পৰিদৰ্শকগৰাকীয়ে।
বিশেষকৈ অবৈধ সুৰা আৰু নাৰী হিংসাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি নিজৰ থানা ক্ষেত্ৰত এগৰাকী ভাল আৰু দক্ষ আৰক্ষী বিষয়া হিচাপে পৰিচিত হৈ পৰিছিল মুন্নী দেৱী।
বিগত গণতন্ত্ৰ দিৱসত চৰকাৰেও তেওঁক সততাৰ বঁটাৰে সন্মানিত কৰিছিল।
কিন্তু এতিয়া নিমিষতে মাটিৰ লগত মিলি গ’ল তেওঁ দীৰ্ঘদিনে অৰ্জন কৰা সকলো নাম-যশ।
মাত্ৰ ৫ হাজাৰ টকাৰ লোভ সামৰিব নোৱাৰিয়েই এতিয়া গ্ৰেপ্তাৰ হবলগীয়া হ’ল এছআই মুন্নী দেৱী।
कल हिसार एवं भवानी विजिलेस विभाग की संयुक्त टीम ने बवानीखेड़ा की महिला सब इंस्पेक्टर मुन्नी देवी को भिवानी लघु सचिवालय में 5 हजार रुपए रिश्वत लेते किया गिरफ़्तार। विदित हो कि, ये वही महिला एसआई हैं जिसे गणतंत्र दिवस पर उनके बेहतर काम और ईमानदारी के लिए सम्मानित किया गया था। pic.twitter.com/lzofLm1guk
— NCIB Headquarters (@NCIBHQ) March 29, 2023
হাৰিয়ানাৰ ভিৱানীৰ বাৱনীখেড়াত কৰ্তব্যৰত এছ আই মুন্নী দেৱী।
মঙলবাৰে ভিৱানীৰ মিনি সচিবালয়ৰ বাহিৰত থকা এখন চাহৰ দোকানৰ সন্মুখত এজন ব্যক্তিৰ পৰা ৫ হাজাৰ টকাৰ উৎকোচ লৈছিল আৰক্ষী বিষয়াগৰাকীয়ে।
কিন্তু এই উৎকোচ কাণ্ডৰ বিষয়ে পূৰ্বেই অভিযোগ লাভ কৰি সেই স্থানত খাপ পিতি ৰৈ থকা হিছাৰ আৰু ভিৱানী দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে এছআই মুন্নী দেৱীক।
ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰক্ষী বিষয়াগৰাকীৰ গ্ৰেপ্তাৰৰ এটা ভিডিঅ’ও।