লোভে পাপ…! এইবাৰ ঘোচ লৈ গ্ৰেপ্তাৰ শিলচৰৰ PWRDৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ কম্পিউটাৰ সহায়ক সিবাশ ঘোষ…

নিউজ ডেস্কঃ অধিক ধন ঘটলাৰ লালসাত পৰি পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এগৰাকী চৰকাৰী কৰ্মচাৰী।

শনিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলিল শিলচৰৰ লােক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত।

এই অভিযানতে ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল কাৰ্যালয়টোৰ কম্পিউটাৰ অপাৰেটৰ সিবাশ ঘােষ।

image 53
লোভে পাপ…! এইবাৰ ঘোচ লৈ গ্ৰেপ্তাৰ শিলচৰৰ PWRDৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ কম্পিউটাৰ সহায়ক সিবাশ ঘোষ… 2

শ্ৰমিকৰ অনুজ্ঞাপত্ৰৰ নামত উৎকােচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে চৰকাৰী কৰ্মচাৰীজনক।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শুকুৰবাৰেও দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই লখিমপুৰ জলসম্পদ বিভাগৰ দুগৰাকী ঘোচখোৰ কৰ্মচাৰীক হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল।

ঠিকাদাৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল লখিমপুৰ জল সম্পদ চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ৰ এলডিএ সমৰজ্যোতি শইকীয়া আৰু মুখ্য সহায়ক তৰুণ চন্দ্ৰ মৰাঙক।