লোকসভা নিৰ্বাচনত ধুবুৰীত আজমলক সহজে পৰাস্ত কৰিব শুকুৰ আলীয়েঃ ৰূপজ্যোতি কুৰ্মী

নিউজ ডেস্কঃ ধুবুৰী লোকসভা সমষ্টিত যদি শুকুৰ আলীয়ে বিজেপিৰ সংখ্যালঘু প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় তেন্তে পৰাস্ত কৰিবলৈ সক্ষম হ’ব বদৰুদ্দিন আজমলক। – এই বিশ্বাস ন বিজেপি ৰূপজ্যোতি কুৰ্মীৰ।

সৌ সিদিনা কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰাৰ পিছত বিজেপিৰ গুণ বখানি তৎ নোপোৱা মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দাবী কৰা মতে, শুকুৰ আলী বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এগৰাকী জনপ্ৰিয় আৰু শক্তিশালী নেতা।

প্ৰায়ে সামাজিক মাধ্যমত চৰ্চিত হোৱা শুকুৰ আলীয়ে ধুবুৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে এআইইউডিএফৰ বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলক পৰাস্ত কৰিব পাৰিব বুলিও মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।

আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে আটাইকেইটা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হ’ব বুলি দৃঢ়তাৰে মন্তব্য কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয় যে উন্নয়নৰ স্বাৰ্থত ৰাইজে এতিয়া বিজেপিক আঁকোৱালি লৈছে। যোৱা পৌৰসভা নিৰ্বাচন তাৰেই প্ৰমাণ। লোকসভা নিৰ্বাচনত কংগ্ৰেছ সম্পূৰ্ণৰূপে উৎখাত হব বুলি দৃঢ় মত পোষণ কৰে কথাচহকী বিধায়কজনে।