লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা ঘোষণা, উপ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব এই বঁটা…

লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা ঘোষণা।

ৰাজ্য চৰকাৰে ঘোষণা কৰিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা।

পোন প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰিব এই বঁটা।

সামাজিক সংগঠন কস্তুৰবা গান্ধী স্মাৰক ট্ৰাষ্টৰ অসম শাখাক প্ৰদান কৰিব এই বঁটা।

ইয়াৰোপৰি জাৰ্মানীত থকা অসমীয়া সাহিত্যিক ড০ নিৰোদ কুমাৰ বৰুাৱ আৰু শ্বিলঙৰ চেম্বাৰ কেয়াৰক এই বঁটাৰ বাবে বাছনি কৰা হৈছে।

এই বঁটাৰ লগত থাকিব ৫ লাখ টকা, প্ৰশস্তি পত্ৰ আৰু অংগবস্ত্ৰ।

৩ আগষ্টত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে এই বঁটা প্ৰদান কৰিব।

অনুষ্ঠানত অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

উল্লেখ্য যে, ১৯৪৬ চনত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণলৈ অহাৰ সময়ত স্থাপন কৰা কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ অসম শাখাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহিলা আৰু শিশু সকলৰ সবলীকৰণৰ বাবে যথেষ্ট অৱদান আগবঢ়াই আহিছে।

ইপিনে, ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ ড০ নিৰোদ বৰুৱাই কাশী কাশী হিন্দু বিশ্ববিদ্যালয়, লণ্ডন বিশ্ববিদ্যালয়, জাৰ্মানীৰ বন বিশ্ববিদ্যালয় আদিৰ দৰে আগশাৰীৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি অসম ভাষা সাহিত্যক সমৃদ্ধ কৰাৰ বাবে বহু বৰঙণি আগবঢ়াই গৈছে।

শ্বিলঙৰ প্ৰখ্যাত মিউজিক বেণ্ড শ্বিলং চেম্বাৰ কায়াৰেও উত্তৰ-পূবত সংগীতক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা যোগাত্মকভাৱে কাম কৰি গৈছে

Leave a Comment