অসম
লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যুৰ দিনটো লোক কল্যাণ দিৱস হিচাপে পালন কৰা হ’বঃ মুখ্যমন্ত্ৰী

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যুৰ দিনটো পালন কৰা হ’ব লোক কল্যাণ দিৱস হিচাপে।
দেওবাৰে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লগতে এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ প্ৰতিখন জিলাৰ ৩ গৰাকীকৈ নিকা আৰু দুৰ্নীতি মুক্ত কৰ্মচাৰীক পুৰস্কৃত কৰা হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিব দিয়ে।
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচৰীক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰা হ’ব পুৰস্কৃত।