fbpx
ৰাষ্ট্ৰীয়

লেফটেনেণ্ট জেনেৰেল মনোজ চন্দ্ৰশেখৰ পাণ্ডেক দেশৰ পৰৱৰ্তী সেনাপ্ৰধান হিচাপে নিযুক্তি…

লেফটেনেণ্ট জেনেৰেল মনোজ চন্দ্ৰশেখৰ পাণ্ডেক দেশৰ পৰৱৰ্তী সেনাপ্ৰধান হিচাপে নিযুক্তি।

বৰ্তমানৰ জেনেৰেল মনোজ মুকুণ্ড নৰৱণে চলিত মাহৰ ৩০ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব।

তেখতৰ অৱসৰৰ পাছতেই কাৰ্যভাৰ চম্ভালিব লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেই।

Image

পাণ্ডে ২০২২ চনৰ ফেব্ৰুৱাৰীত লেফটেনেন্ট জেনেৰেল চি পি মোহান্তিৰ পিছত ভাৰতীয় সেনাৰ উপ-প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

ইয়াৰ পূৰ্বে তেওঁ ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখযোগ্য় যে, পাণ্ডে হৈছে শীৰ্ষ সামৰিক পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী সামৰিক অভিযন্তা।

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ এজন প্ৰাক্তন ছাত্ৰ মনোজ পাণ্ডেক ১৯৮২ চনৰ ডিচেম্বৰত ‘কৰ্পছ অফ ইঞ্জিনিয়াৰছত’ নিযুক্তি দিয়া হৈছিল।

লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেয়ে জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ পল্লানৱালা খণ্ডত অপাৰেচন পৰাক্ৰমৰ সময়ত এটা অভিযন্তা ৰেজিমেণ্টক কমাণ্ড কৰিছিল।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!