লেডী সিংঘম! ছাত্ৰীৰ ভেশত ৩ মাহৰো অধিক সময় মেডিকেল কলেজত কটাই ৰেগিং কাণ্ডৰ ৰহস্য উদঘাটন এগৰাকী মহিলা আৰক্ষী কনিষ্টবলৰ…

নিউজ ডেস্কঃ এগৰাকী মৰমলগা ২৪ বৰ্ষীয় যুৱতী। মৃদুভাষী, সহজতে সকলোকে আকৰ্ষিত কৰিব পৰা গুণৰ অধিকাৰী।

নাৰ্ছিঙৰ প্ৰথম বৰ্ষৰ এই ছাত্ৰীগৰাকীয়ে অতি কম সময়তে কলেজৰ বহু জ্যেষ্ঠ-কনিষ্ঠৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।

সকলোৰে সৈতে বন্ধুত্ব গঢ়ি সকলোৰে বাবে প্ৰিয় হৈ পৰিছিল এই যুৱতীগৰাকী।

image 74
লেডী সিংঘম! ছাত্ৰীৰ ভেশত ৩ মাহৰো অধিক সময় মেডিকেল কলেজত কটাই ৰেগিং কাণ্ডৰ ৰহস্য উদঘাটন এগৰাকী মহিলা আৰক্ষী কনিষ্টবলৰ… 6

কিন্তু ধুনীয়া মুখৰ এই যুৱতীগৰাকীৰ উদ্দেশ্য নাছিল নাৰ্ছিঙৰ শিক্ষা গ্ৰহণ কৰা। উদ্দেশ্য আছিল- চিনেমাৰ দৰেই এটা অপৰাধৰ গভীৰলৈ গৈ অপৰাধীক কৰায়ত্ত কৰা।

কাৰণ- তেওঁ আৰক্ষীৰ এগৰাকী আণ্ডাৰ কভাৰ কনিষ্টবল।

image 75
লেডী সিংঘম! ছাত্ৰীৰ ভেশত ৩ মাহৰো অধিক সময় মেডিকেল কলেজত কটাই ৰেগিং কাণ্ডৰ ৰহস্য উদঘাটন এগৰাকী মহিলা আৰক্ষী কনিষ্টবলৰ… 7

ইন্দোৰৰ এমজিএম মেডিকেল কলেজত সংঘটিত এক ৰেগিং কাণ্ডৰ তদন্তৰ বাবে এনেদৰে কলেজৰ ভিতৰত ৩ মাহৰো অধিক সময় ছাত্ৰীৰ বেশত ঘূৰি ফুৰিল মহিলা আণ্ডাৰকভাৰ কনিষ্টবলগৰাকীয়ে।

নাম তেওঁৰ শালিনী চৌহান।

image 76
লেডী সিংঘম! ছাত্ৰীৰ ভেশত ৩ মাহৰো অধিক সময় মেডিকেল কলেজত কটাই ৰেগিং কাণ্ডৰ ৰহস্য উদঘাটন এগৰাকী মহিলা আৰক্ষী কনিষ্টবলৰ… 8

উল্লেখ্য যে, কিছুমাহ পূৰ্বে এমজিএম মেডিকেল কলেজত সংঘটিত হৈছিল এক ৰেগিং কাণ্ড।

এই ৰেগিং কাণ্ডৰ তদন্ত আৰম্ভ কৰি তথ্যৰ অভাৱত থমকি ৰ’বলগীয়া হৈছিল আৰক্ষী। যাৰ বাবে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল কোনো এজন অভিযুক্তক।

এনে সময়তে ২৪ বৰ্ষীয় শালিনী চৌহানে নাৰ্ছিঙৰ ছাত্ৰীৰ ভেশ লৈ মেডিকেল কলেজখনত প্ৰৱেশ কৰে।

দৈনিক ৫-৬ ঘণ্টা তেওঁ কলেজৰ ছাত্ৰীৰূপে পাৰ কৰি প্ৰথমে জ্যেষ্ঠ-কনিষ্ঠ সকলোৰে সৈতে বন্ধুত্ব গঢ়ি তোলে।

image 77
লেডী সিংঘম! ছাত্ৰীৰ ভেশত ৩ মাহৰো অধিক সময় মেডিকেল কলেজত কটাই ৰেগিং কাণ্ডৰ ৰহস্য উদঘাটন এগৰাকী মহিলা আৰক্ষী কনিষ্টবলৰ… 9

তাৰ পিছতে তেওঁ অতি গোপনে ৰেগিং কাণ্ডৰ তদন্ত আৰম্ভ কৰি মেডিকেল কলেজখনৰ ১১ জন জ্যেষ্ঠ অভিযুক্ত ছাত্ৰক চিনাক্ত কৰিবলৈ সক্ষম হয়।

শালিনীয়ে সংবাদ মাধ্যমৰ প্ৰকাশ কৰা মতে, ছাত্ৰীৰূপে কলেজত সময় কৰাটো তেওঁৰ বাবে আছিল এক প্ৰত্যাহ্বান। যদিও তেওঁ বাণিজ্য বিষয়ৰ স্নাতক আছিল, কিন্তু মেডিকেল শিক্ষা তেওঁৰ একেবাৰেই নাছিল।

সেয়ে প্ৰথমাৱস্থাত সকলোকে পতিয়ন নিয়াবলৈ তেওঁ কিছু পৰিমাণে মেডিকেল শিক্ষাও আয়ত্ত কৰিবলগীয়া হৈছিল।

image 78
লেডী সিংঘম! ছাত্ৰীৰ ভেশত ৩ মাহৰো অধিক সময় মেডিকেল কলেজত কটাই ৰেগিং কাণ্ডৰ ৰহস্য উদঘাটন এগৰাকী মহিলা আৰক্ষী কনিষ্টবলৰ… 10

তদুপৰি ৰেগিং কাণ্ডৰ তদন্ত চলোৱাৰ সময়তো তেওঁ সন্মুখীন হৈছিল অসুবিধাৰ। কিয়নো কনিষ্ঠ সকল সদায় ভীতিগ্ৰস্ত হৈ থকাৰ বাবে একো কথা মুখ খুলি কোৱা নাছিল।

এনে পৰিস্থিতিত তেওঁ অতি গোপনে সকলোৰে ওপৰত নজৰ ৰাখিবলগীয়া হৈছিল আৰু তাৰ পিছতে তেওঁ ১১ জন অভিযুক্ত ছাত্ৰক চিনাক্ত কৰিবলৈ সক্ষম হয়।

চিনেমাৰ দৰেই মহিলা আৰক্ষী কনিষ্টবলগৰাকীয়ে সাহসেৰে কলেজখনৰ ৰেগিং কাণ্ডৰ ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হোৱাৰ পিছত তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে ছিনিয়ৰসকলে।