লুৰীণজ্যােতি গগৈৰ পৰাজয় সন্দৰ্ভত কি ক’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই?

May 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসম বিধানসভা নিৰ্বাচনৰ ভােটগণনা এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই যদিও ইতিমধ্যে স্পষ্ট হৈ পৰিছে অধিকাংশ সমষ্টিৰে নিৰ্বাচনী ফলাফল।

এই অনুসৰি অসমৰ নৱগঠিত অসম জাতীয় পৰিষদ দলে এখনাে আসন লাভ কৰিবলৈ সক্ষম হােৱা নাই।

আনকি দলটােৰ সভাপতি লুৰীণজ্যােতি গগৈয়ে ১১৮ নং দুলীয়াজান আৰু ১২੦ নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ পৰাই পৰাজয়বৰণ কৰিছে।

ৰাইজৰ দলৰ এনে বিপৰ্যয় আৰু দলটােৰ সভাপতি লুৰীণজ্যােতি গগৈ সন্দৰ্ভত সাংবাদিকে সােধা প্ৰশ্ন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে লুৰীণজ্যােতি গগৈৰ ভৱিষ্যৎ আছে। এটা নৱগঠিত দলক ২-৩ মাহত নেতৃত্ব দি জিকাই অনাটাে সম্ভৱ নহয়। মই ভাবাে যে লুৰীণজ্যােতি গগৈয়ে পৰাজয়ৰ পাছতাে নিশ্চয়কৈ ৰাজনীতিত থাকিব আৰু অসমৰ ৰাইজক সেৱা আগবঢ়াব বুলি ডঃ শৰ্মাই মন্তব্য কৰে।

চাওক মন্ত্ৰী শৰ্মাৰ মন্তব্যৰ ভিডিঅঃ

লগতে চাওকঃ

লুৰীণজ্যােতিৰ সমষ্টিবাসীলৈ কৃতজ্ঞতা, নিৰ্বাচিত বিধায়কলৈ শুভেচ্ছা