Fri. Jan 15th, 2021

নিউজ ডেস্ক। সদৌ অসম ছাত্ৰ সন্থানৰ পৰা লুৰীণজ্যােতি গগৈৰ পদত্যাগ সন্দৰ্ভত তিৰ্য্যক মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই।

হাজৰিকাৰ মতে, জাতিৰ স্বাৰ্থত আছু ত্যাগ কৰা নাই লুৰীণজ্যােতিয়ে।

দৰাচলতে বিয়া পাতিবলৈহে আছুৰ পৰা পদত্যাগ কৰিছে লুৰিণজ্যোতি গগৈয়ে ৷

তেওঁ কয় যে ৰাইজৰ মাজত লুৰীণজ্যােতিৰ পদত্যাগৰ কাৰণ ব্যক্তিগত বুলিহে চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে ৰবিবাৰে জাগীৰোডৰ উত্তৰ ধৰমতুলত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ এক ৰাজহুৱা সভাত মন্ত্ৰী পীযুষ হাজৰিকাই এই মন্তব্য কৰে ৷