
নিউজ ডেস্ক। এক ভয়ংকৰ বিস্ফােৰণে কঁপাই গ’ল পঞ্জাৱৰ লুধিয়ানাৰ জিলা আদালতৰ চৌহদ।
দিনৰ ১২ মান বজাত আদালতৰ ছয় মহলীয়া অট্টালিকাৰ তৃতীয় মহলাৰ শৌচাগাৰৰ সন্মুখতে সংঘটিত হয় এই বিস্ফােৰণ।
এই বিস্ফােৰণ ইমানেই শক্তিশালী আছিল যে দেৱাল খহি পৰাৰ লগতে আদালত চৌহদত পাৰ্কিঙত থকা বহু বাহনৰাে ক্ষতিসাধন হয়।
A bomb blast was reported in the bathroom of the District and Sessions Court Complex in #Punjab‘s #Ludhiana.
— Aditya Ranjan (@AdityaRanjan_29) December 23, 2021
2 persons dead, 4 persons seriously injured; rescue operations on.
“लुधियाना कोर्ट” pic.twitter.com/9WdNBKriKh
বিস্ফােৰণৰ ফলত ঘটনাস্থলীত এজন লােকৰ ক্ষত-বিক্ষত মৃতদেহ প্ৰত্যক্ষ কৰা হয়।
ঘটনাৰ খবৰ লাভ কৰিয়েই পঞ্জাৱ আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ অঞ্চলটো ঘেৰি ৰাখিছে।
আৰক্ষীৰ লগতে ঘটনাস্থলীত দুৰ্যোগ প্ৰশমন বিভাগৰ দলো উপস্থিত হয়।
#Ludhiana Blast inside visuals pic.twitter.com/Kwm8UapOgi
— Utkarsh Singh (@utkarshs88) December 23, 2021
ইপিনে, বোমা বিস্ফোৰণটোৰ ফলত মৃত্যু হোৱা লোক দুজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
ইয়াৰ লগতে আহত লােকক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
আশংকা কৰা অনুসৰি, বােমা সংস্থাপন কৰাৰ সময়তে এই বিস্ফােৰণ সংঘটিত হৈছিল। অৱশ্যে এই বিষয়ে কােনাে তথ্য নিশ্চিত কৰা নাই আৰক্ষীয়ে।
The blast in Ludhiana Court leaves no shadow of doubt that a series of peace-disrupting activities have been planned by vested interests to create law & Order problem in Punjab. Condolences to those who lost their lives and sincere prayers for speedy recovery of the injured. pic.twitter.com/xaltliYBpB
— Navjot Singh Sidhu (@sherryontopp) December 23, 2021
ৰাজ্যখনত সংঘটিত ইটােৰ পাছত সিটাে কূটাঘাতৰ আঁৰত গভীৰ ৰহস্য লুকাই থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।