অসম

লুঙী, টুপি, বিড়িয়েই পৰিচয় নেকি মিঞা জাতিৰ? সাংবাদিকক প্ৰশ্ন বিধায়ক শ্বেৰমান আলীৰ

পুনৰ এবাৰ চৰ্চাত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী।

এইবাৰ খানাপাৰাত অনুষ্ঠিত হৈ থকা হুনৰ হাট মেলাত মিঞা সংস্কৃতি প্ৰদৰ্শনৰ দাবীৰে চৰ্চা লাভ কৰিছে বিধায়কজনে। বাজেট অধিৱেশনৰ প্ৰথম দিনা বিধানসভা চৌহদত উপস্থিত হৈ সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰে শ্বেৰমান আলীয়ে।

সেই সময়তে বিধায়কজনে হুনৰ হাট মেলাত মিঞা সংস্কৃতি প্ৰদৰ্শনৰ দাবী উত্থাপন কৰে। তেওঁ কয় যে, অসমৰ এক তৃতীয়াংশ অৰ্থাৎ প্ৰায় ১ কোটি লোকেই মিঞা সম্প্ৰদায়ৰ। কিন্তু সকলো ক্ষেত্ৰতে এই মিঞা জাতি উপেক্ষিত হৈ আহিছে। লাগিলে সেয়া কলাক্ষেত্ৰতেই হওক বা গণতন্ত্ৰ দিৱসত প্ৰদৰ্শন কৰা ৰাজ্যিক প্ৰতীকপটতে হওঁক।

বিধায়কগৰকাৰী মতে, অসমৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ লোকৰ এই জাতিটোক ন্যাযতা প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব। আৰু এয়া মিয়া সকলৰো অধিকাৰ।

কংগ্ৰেছ বিধায়কজনে নিজ দলকো প্ৰশ্ন কৰি কয় যে মিঞা সকল অসমীয়া হয় নে নহয় সেয়া কংগ্ৰেছে স্পষ্ট কৰিব লাগে। সেইদৰে তেওঁ একে দাবী উত্থাপন কৰে চৰকাৰৰ ওচৰতো।

ইফালে হুনৰ হাটত মিঞা সংস্কৃতি প্ৰদৰ্শনৰ দাবী উত্থাপন কৰা বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক এগৰাকী সাংবাদিকে প্ৰশ্ন কৰে- মিঞা সংস্কৃতি মানে লুঙী, টুপি, বিড়ি প্ৰদৰ্শন কৰিব লাগে নেকি?

সাংবাদিকৰ এই প্ৰশ্নত ক্ষুব্ধ হৈ পৰা শ্বেৰমান আলীয়ে উভতাই প্ৰশ্ন কৰে- লুঙী, টুপি, বিড়ি মানেই মিঞা নেকি?

মিঞা সংস্কৃতি কি সেই বিষয়ে সাংবাদিকক অধ্যয়ন কৰিবলৈও পৰামৰ্শ আগবঢ়ায় বাঘবৰৰ বিধায়কগৰাকীয়ে।

Related Articles

Leave a Reply

Back to top button