লামডিঙৰ গুলীচালনাৰ ঘটনাৰ ৰহস্য ফাদিল, পৰকীয়া প্রেমৰ বাবেই চুপাৰি কিলাৰে সংঘটিত কৰিছিল গুলীচালনাৰ ঘটনা…

শুকুৰবাৰে লামডিঙত সংঘটিত হোৱা গুলীচালনা ঘটনাৰ ৰহস্য ফাদিল।

বহিঃৰাজ্যৰ চুপাৰি কিলাৰে সংঘটিত কৰিছিল গুলীচালনাৰ ঘটনা।

২ লাখ টকাৰ বিনিময়ত বিহাৰৰ দুজন লোকে সংঘটিত কৰিছিল এই ঘটনা।

ইতিমধ্যে ঘটনাৰে জড়িত ৬ জনকৈ অপৰাধীক কৰায়ত্ত কৰে লামডিং আৰক্ষীয়ে।

ধৃত অনিল মালাকাৰ, বুল্টি চক্রৱৰ্তী, বিহাৰৰ বেগুচৰাইৰ চাহেব ৰজক আৰু মোহন কুমাৰ।

প্ৰফেছনেল কিলাৰ মোহন কুমাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। নিউ বঙাইগাঁও ৰে’ল আৰক্ষীৰ জালত মোহন কুমাৰ।

পৰকীয়া প্ৰেম, সম্পত্তিৰ বাবেই গুলীচালনা কৰিছিল অৱসৰপ্ৰাপ্ত ৰে’ল কৰ্মচাৰীক।

বিহাৰৰ বেগুচৰাইৰ ককা-নাতিনীয়ে চলাইছিল হত্যাৰ পৰিকল্পনা।

ঘটনাৰ মাষ্টাৰ মাইণ্ড ৰে’ল বিভাগৰ কৰ্মচাৰী অনিল মালাকাৰ, বুলতি চক্ৰৱৰ্তী। গুলীবিদ্ধ তৰুণ চক্ৰৱৰ্তীৰ ভাইবোৱাৰী বুলতি চক্ৰৱৰ্তী।

ভাইবোৱাৰী বুল্টি চক্ৰৱৰ্তী, বুল্টিৰ প্ৰেমিক অনিল মালাকাৰে ৰচিছিল ষড়যন্ত্ৰ।

গুলীচালনা কৰিয়েই লামডিঙৰ পৰা পলায়ন কৰিছিল প্ৰফেছনেল কিলাৰ। বিকানেৰ এক্সপ্ৰেছেৰে বহিঃৰাজ্যলৈ যোৱাৰ অৱস্থাতেই গ্ৰেপ্তাৰ মোহন কুমাৰক।