অসমঅসমীয়া

লাভলীনালৈ অসম চৰকাৰৰ ‘অসম সৌৰভ’ বঁটা, ঘৰলৈ গৈ চৰকাৰী নিমন্ত্ৰণ জনালে মন্ত্ৰী কেশৱ মহন্তই

অলিম্পিকত পদক জয়ৰে অসম তথা সমগ্ৰ ভাৰতবাসীক গৌৰৱাম্বিত কৰা ক্ৰীড়াবিদ লাভলীন বৰগোহাঁইক প্ৰদান কৰা হব অসম চৰকাৰৰ “অসম সৌৰভ” বঁটা।

গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত অৰ্থাৎ ২৪ জানুৱাৰীত অনুষ্ঠিত হবলগীয়া এক অনুষ্ঠানত লাভলীনাক এই বঁটা প্ৰদান কৰিব অসম চৰকাৰে।

FJj4-Y5ya-IAA857-Y

ইফালে শুকুৰবাৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বঁটা প্ৰদান অনুষ্ঠানলৈ আনুষ্ঠানিক নিমন্ত্ৰণ জনাবলৈ লাভলীনাৰ বৰপথাৰৰ বাৰমুখীয়াৰ বাসগৃহত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক বিশ্বজিত ফুকন।

লাভলীনাৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰী কেশৱ মহন্তই বঁটা প্ৰদান সন্দৰ্ভত অৱগত কৰাৰ লগতে ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনাক “অসম সৌৰভ” বঁটা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।

FJj4-Z4-Ba-QAMl-J9i

ইফালে এই বঁটা প্ৰদানৰ বিষয়ে খবৰ লাভ কৰি আনন্দ ব্যক্ত কৰে ক্ৰীড়াবিদ লাভলীনা বৰগোহাঁইয়ে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে উষ্ম কন্যা লাভলীনা বৰগোহাঁইক ডিএছপি পদত নিযুক্তি দিছে অসম চৰকাৰে। টকিঅ’ অলিম্পিকত দেখুওৱা পাৰদৰ্শিতা আৰু ব্ৰঞ্জৰ পদক জয়ৰ বাবে ক্ৰীড়াবিদগৰাকীক এই সন্মান প্ৰদান কৰে অসম চৰকাৰে।

লগতে চাওকঃ

আজি আত্মসমৰ্পণ কৰিব কিশোৰী নিৰ্যাতনৰ অভিযুক্ত উদ্ধৱ ভৰালীয়ে

G4

Related Articles

Leave a Reply

Back to top button