‘লাচিত বৰফুকন উত্তৰ-পূব ভাৰতৰ শিৱাজী’- RSSৰ টুইটক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া…

লাচিত দিৱসৰ দিনাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)ৰ এটা টুইটে সৃষ্টি কৰিছে খলকনিৰ।

মহাবীৰ লাচিত বৰফুকনক দেশৰ আন এজন যোদ্ধা শিৱাজীৰ সৈতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই তুলনা কৰাক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

‘বীৰ’ লাচিত বৰফুকনৰ জন্ম বাৰ্ষিকী উপলক্ষ্যে RSS-এ এটা টুইটযোগে লাচিত বৰফুকনক ‘উত্তৰ-পূব ভাৰতৰ শিৱাজী’ বুলি অভিহিত কৰিছে।

টুইটটোত এনেদৰে লিখিছে- মোগল আক্ৰমণকাৰীৰ পৰা উত্তৰ-পূব ভাৰতক ৰক্ষা কৰা বীৰ যোদ্ধা লাচিত বৰফুকনৰ জীৱন ব্যক্তিত্ব, বীৰত্ব, আত্মসন্মান আৰু সমৰ্পণৰ সমাৰ্থক। শৰাইঘাটৰ যুদ্ধত, লাচিত বৰফুকনে মোগলসকলক এনেদৰে পৰাস্ত কৰিছিল যে তেওঁৰ দৰে যোদ্ধা জীয়াই থকালৈকে তেওঁলোকে ভাৰতৰ উত্তৰ-পূব অঞ্চলক কেতিয়াও বশ কৰিব নোৱাৰিলে। সেয়ে তেওঁক ‘উত্তৰ-পূব ভাৰতৰ শিৱাজী’ বুলি কোৱা হয়।

লাচিত বৰফুকনক আন এজন বীৰ যোদ্ধাৰ সৈতে তুলনা কৰাৰ লৈ বহুতে অসন্তুষ্টি প্ৰকাশ কৰি আৰ এছ এছৰ টুইটটোত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰাৰ লগতে তীব্ৰ সমালোচনা কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মাৰ্চ মাহৰ এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহোম সেনাপতি গৰাকীক স্বাধীনতা সংগ্ৰামী বুলি অভিহিত কৰিছিল।

Leave a Comment