অসম

লাচিত বৰফুকনৰ বীৰগাঁথা প্ৰতিখন ৰাজ্যৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ বাবে সকলো মুখ্যমন্ত্ৰীলৈ পত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ

লাচিত বৰফুকনৰ বীৰগাঁথা প্ৰতিখন ৰাজ্যৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ বাবে সকলো মুখ্যমন্ত্ৰীলৈ পত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

দেশৰ সকলো বিদ্যালয়ৰে পাঠ্যক্ৰমত অসমৰ বীৰ যোদ্ধাগৰাকীৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবৰ বাবে আহ্বান জনাই পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লাচিত বৰফুকনৰ ৪০০ তম জন্মজয়ন্তী উপলক্ষে বীৰ যোদ্ধাগৰাকীৰ বৰ্ণিল ইতিহাস কেৱল অসমৰ চাৰিসীমাৰ মাজত যাতে সীমাবন্ধ হৈ নাথাকে তাৰ বাবে দেশৰ সকলো পাঠ্যক্ৰমতেই ইয়াক অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্য়মন্ত্ৰীয়ে পত্ৰত উল্লেখ কৰিছে যে, লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু জন্মভুমিৰ প্ৰতি থকা মনোভাৱ আৰু ত্যাগ আজিৰ নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস। কিন্তু দেশৰ অন্য় ছাত্ৰ-ছাত্ৰী সকলে বৰ বিশেষ ভাৱ জ্ঞাত নহয় এইগৰাকী যোদ্ধাৰ বিষয়ে।

সেয়ে তেখেতৰ এই ৪০০ তম জন্মজয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি দেশৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে জানিব পৰাকৈ বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত লাচিত বৰফুকনৰ বিষয়ে বিতংভাৱে অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনায়।

Related Articles

Back to top button