লাচিত বৰফুকনৰ বিষয়ে নৱ প্ৰজন্মক অৱগত কৰোৱাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী মুকলি কৰিলে এপ আৰু পৰ্টেল

লাচিত বৰফুকনৰ বিষয়ে নৱ প্ৰজন্মক অৱগত কৰোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে মুকলি কৰিলে এপ আৰু প’ৰ্টেল।

লাচিত বৰফুকন নামেৰে এই ৱেব প’ৰ্টেল আৰু এপ মুকলি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বীৰ জোৱান জনৰ ৪০০ বছৰীয়া এই জন্মজয়ন্তী উপলক্ষে বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে লাচিত বৰফুকন এপ আৰু পৰ্টেল।

জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই এপ আৰু পৰ্টেল মুকলি কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই কয়- অহা ২৪ নৱেম্বৰত ৰাজ্যবাসীয়ে লাচিত দিৱস পালন কৰিব। এই দিৱস এইবাৰ মাইলৰ খুটা। ৪০০ বছৰীয়া এই জন্মজয়ন্তী আৰম্ভ কৰা হৈছিল কলাক্ষেত্ৰত, য’ত পূৰ্বৰ ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে মুকলি কৰিছিল। লাচিত বৰফুকনৰ ওপৰত নতুন প্ৰজন্মই কেনেকৈ জানিব, তাৰ বিষয়ে জানিবলৈ আজিৰ পৰা বিশেষ কাৰ্যসূচী মুকলি কৰিব বিচাৰিছো। য’ত মানুহে লাচিত বৰফুকনৰ কাৰণে লিখিব পাৰে।

তেওঁ কয়- বহিঃৰাষ্ট্ৰৰ লগতে দেশবাসীয়েও মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিব ইয়াৰ জৰিয়তে। কাগজৰ দুই পিঠিত লিখি প’ৰ্টেলত বা এপত আপলোড কৰিব পাৰিব। প’ৰ্টেলত কাগজখন নিজে নিজে আপলোড হ’ব। কাগজত নিলিখিলেও প’ৰ্টেলত লিখিব পাৰিব।

লাচিত বৰফুকনৰ পুথি প্ৰণয়নৰ কাম আৰম্ভ হৈছে বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়- প্ৰধানমন্ত্ৰীয়ে এই পুথি লাচিত বৰফুকনৰ জয়ন্তীৰ দিনা মুকলি কৰিব। লাচিত বৰফুকনৰ তথ্যচিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ২৩ নৱেম্বৰত মুকলি কৰিব অমিত শ্বাহে। এই তথ্য চিত্ৰখন পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় আৰু অন্তঃৰাষ্ট্ৰীয় চেনেলত দেখুওৱা হ’ব।

ইয়াৰ উপৰি অহা ১৮ নৱেম্বৰত অসমৰ সকলো শিক্ষানুষ্ঠানতে লাচিত বৰফুকনৰ ওপৰত এখন ৰচনা-লিখা প্ৰতিযোগিতাও আয়োজন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে লগতে সকলো শিক্ষানুষ্ঠানকে ৰচনা জমা দিবলৈ বাধ্যতামূলক কৰিছে।

পৰৱর্তী সময়ত জিলা আৰু ৰাজ্যিক পর্যায়ত প্রতিযোগিতা অনুষ্ঠিত হ’ব বুলিও তেওঁ সংবাদমেল খনত উল্লেখ কৰে।