লাইভ ইনষ্টাগ্ৰাম চাটত হিন্দু, হিন্দুত্ব আৰু হিন্দু দেৱ-দেৱীক লৈ অপমানজনক মন্তব্য কৰা নাদীমক ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ

নিউজ ডেস্ক। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামৰ লাইভ চাটত সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এজন যুৱকক।
অসম আৰক্ষীয়ে ৰাজস্থান আৰক্ষীৰ সহযোগত ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰে নদীম নামৰ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীজনক। সোমবাৰে টুইটযোগে এই কথা জনায় গুৱাহাটী মহানগৰ আৰক্ষীয়ে।
উল্লেখ্য যে, ৬ এপ্ৰিলত মহানগৰ আৰক্ষীয়ে নাদীম আৰু এগৰাকী মহিলাৰ মাজৰ এটা অডিঅ’ ক্লিপৰ বিষয়ে অৱগত হৈছিল।
এই ভাইৰেল অডিঅ’ ক্লিপটোত হিন্দুসকলৰ চিনাক্তকৰণ, ধৰ্ষণ আৰু হত্যাৰ বিষয়ে আহ্বান জনোৱা পৰিলক্ষিত হৈছিল।
ভাইৰেল হৈ পৰা অডিঅ’ ক্লিপটোৰ মহিলাগৰাকীক সবনম বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।
ইফালে ইয়াৰ পৰৱৰ্তী সময়ত নাদীম আৰু সবনমৰ মাজৰ কথোপকথনৰ আন এটা অডিঅ’ ক্লিপ ভাইৰেল হৈ পৰে। এই বাৰ্তালাপৰ সময়ত দুয়োজনে হিন্দু, হিন্দুত্ব আৰু হিন্দু দেৱ-দেৱীক লৈ অপমানজনক মন্তব্য কৰা শুনা যায়।
No one can escape the Law
— Guwahati Police (@GuwahatiPol) April 11, 2022
Accused Nadeem, who made communally insulting statements in a live Instagram chat, is in our custody now, with @PoliceRajasthan assistance
He is being brought to Guwahati, to be prosecuted in All Women PS Case no. 25/2022@himantabiswa pic.twitter.com/ikqJFjY0EV
ইয়াৰ পিছতে গুৱাহাটী মহানগৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৯৫ (এ) আৰু ৩৪ৰ অধীনত গোচৰ ৰুজু কৰি অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰে আৰু অৱশেষত ৰাজস্থানৰ পৰা অভিযুক্ত নাদীম নামৰ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
সোমবাৰে এই সন্দৰ্ভত অৱগত কৰি গুৱাহাটী আৰক্ষীয়ে এটা টুইট কৰে।
টুইটোত লিখা হৈছে- “কোনেও আইনৰ পৰা বাচি যাব নোৱাৰে। লাইভ ইনষ্টাগ্ৰাম চাটত সাম্প্ৰদায়িকভাৱে অপমানজনক মন্তব্য কৰা অভিযুক্ত নাদীম এতিয়া আমাৰ জিম্মাত আছে। ৰাজস্থান আৰক্ষীৰ সহায়ত তেওঁক গুৱাহাটীলৈ অনা হৈছে, যাৰ বিৰুদ্ধে অল ৱমেন আৰক্ষী থানাৰ গোচৰ নং ২৫/২০২২ত মোকৰ্দমা চলোৱা হব।”
লগতে চাওকঃ
ড্ৰাগছৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৯০ শতাংশই মুছলমানঃ বিধায়ক ছিদ্দিক আহমেদ
