লাইনচ্যুত হৈ ট্ৰেকৰ পৰা নদীত খহি পৰিল মালবাহী ৰে’লৰ দবা…

নিউজ ডেস্ক। এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। লাইনচ্যুত হৈ ট্ৰেকৰ পৰা নদীত খহি পৰিল মালবাহী ৰে’ল।

দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে চালকৰ।

এই ঘটনা মংগলবাৰে পুৱতি নিশা সংঘটিত হয় উৰিষ্যাৰ ইষ্ট ক’ষ্ট ৰেলৱেৰ আংগুল-তালচেৰ ৰেল পথত।

জানিব পৰা মতে, ঘেঁহু কঢ়িওৱা ৰে’লখনৰ ছয়টা ডবা পুৱা প্ৰায় ২.৩০ বজাত নদীত ডুব যায়। কিন্তু ইঞ্জিনটো ট্ৰেকত থকাৰ বাবে পাইলট আৰু অন্যান্য কৰ্মচাৰীসকল সুৰক্ষিতভাৱে ৰক্ষা পৰে।

Train-Derailment

ৰেল বিভাগৰ বিষয়াই জনোৱা অনুসৰি, ধাৰাসাৰ বৰষুণৰ মাজতে নন্দীৰা নদীৰ ওপৰত থকা এখন দলঙত দুৰ্ঘটনাটো সংঘটিত হয়।

মালবাহী ৰেলখন ফিৰোজপুৰৰ পৰা খুৰ্দালৈ গৈ আছিল।

7292b935d9f457def3318923ef839c93

উল্লেখ্য যে ঘটনাৰ পিছত ইষ্ট ক’ষ্ট ৰেলৱে বিভাগে ১২ খন ৰেল বাতিল কৰে। আন আঠ খন ৰেলৰ পথ সলনি কৰে আৰু আন এখনৰ ভ্ৰমণ সমাপ্ত কৰে।

Leave a Comment