লণ্ডন-আমেৰিকাত প্ৰস্তুত কৰা কােটি টকা মূল্যৰ চিগাৰেটসহ দুখন ট্ৰাক জব্দ, আটক ৪

নিউজ ডেস্ক। লণ্ডন-আমেৰিকাত প্ৰস্তুত কৰা কােটি টকা মূল্যৰ চিগাৰেট জব্দ কৰা হৈছে অসমত।

অসমৰ পৰা পশ্চিম বংগ অভিমুখী দুখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট।

জানিব পৰা মতে, শ্ৰীৰামপুৰত চলিছিল আৰক্ষীৰ অভিযান য’ত ২৪ কাৰ্টন চিগাৰেটসহ WB-03 D-0972 নম্বৰৰ এখন ট্ৰাক জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে আৰক্ষীয়ে।

প্ৰাপ্ত বাতৰি মতে, শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় ৰায়ৰ নেতৃত্বত শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষী আৰু চিআৰপিএপৰ ১২৯ নং বাহিনীৰ সহযোগত শ্ৰীৰামপুৰৰ তালাচী চকীৰ সমীপত থকা নাকা তালাচীত এখন ছচকীয়া ট্ৰাক ৰখাই তালাচী চলোৱাত ট্ৰাকখনৰ পৰা ২৪ কাৰ্টন বিদেশী চিগাৰেট জব্দ কৰে।

জব্দকৃত চিগাৰেটখিনিৰ বজাৰ মূল্য প্ৰায় ৬০ লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।

আৰক্ষীয়ে ট্ৰাকখনৰ চালক কলকাতা নিবাসী মীৰ চাৰফাৰজ আৰু হেণ্ডিমেন উত্তৰ প্ৰদেশৰ নিবাসী স্বামী ইকবালক আটক কৰে।

জানিব পৰা মতে, জব্দকৃত চিগাৰেটসমূহ গুৱাহাটীৰ পৰা বাংগালোৰলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।

ইপিনে, গােঁসাইগাঁৱত PB-02E-D 6984 নম্বৰৰ আন এখন ট্ৰাক ২৫ কাৰ্টন বিদেশী চিগাৰেট জব্দ কৰে। জব্দকৃত চিগাৰেটৰ মূল্য ৪੦ লক্ষাধিক হ’ব বুলি অনুমান কৰা হৈছে।

এই ঘটনাৰ সংক্ৰান্তত লাকী সিং আৰু ৰনদীপ সিং নামৰ দুজনক আটক কৰে আৰক্ষীয়ে।

Leave a Comment