লখিমপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা ‘কৃষক মেলা’- প্ৰদৰ্শনী স্থলীত বাঢ়িছে ৰাইজৰ ভিৰ…

লখিমপুৰ জিলাৰ ত্যাগ ক্ষেত্ৰত দুদিনীয়াকৈ জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগ তথা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA) ৰ উদ্যোগত আয়োজন কৰা হৈছে কৃষক মেলা-২০২৩৷ এই মেলা শুভ উদ্বোধন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই।

উদ্বোধনী ভাষণত সাংসদ বৰুৱা উপস্থিত ৰাইজক উদ্দেশ্যি কৃষিৰ লগত জঢ়িত বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য আগবঢ়োৱাৰ লগতে নতুন প্ৰজন্মক কৃষি ক্ষেত্ৰলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। লগতে কৃষি ক্ষেত্ৰৰ উত্তৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰো বিশদ বিৱৰণ আগবঢ়ায়।

এই মেলাত লখিমপুৰৰ একমাত্ৰ জৈৱিক FPC মাধৱদেৱ FPC-এ জৈৱিক ভাবে উৎপাদিত কৃষি সামগ্ৰীৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে। কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয় বিশেষজ্ঞৰ দ্বাৰা ‘সমন্বিত কৃষি পদ্ধতিত কীট পতংগ ও ৰোগ নিয়ন্ত্ৰণ’ ৰ ওপৰত বিশেষ প্ৰশিক্ষণ আৰু মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়।

প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি ‘প্ৰাকৃতিক কৃষি পদ্ধতি’ শীৰ্ষক কৃষক প্ৰশিক্ষণ কাৰ্যসূচীও হাতত লোৱা হৈছে। এই প্ৰশিক্ষন প্ৰদান কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয় বিশেষজ্ঞ আৰু আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ সমল ব্যক্তিয়ে। লখিমপুৰ জিলাৰ, জিলা কৃষি বিষয়াই সমাৰোহখনিত কৃষক ৰাইজৰ আগত বিভাগৰ বিভিন্ন আঁচনিৰ ওপৰত বিশদ ব্যাখ্যা আগবঢ়ায়।

এই মেলাখনত জিলাখনৰ বহু কেইজন প্ৰগতিশীল কৃষকে নিজৰ নিজৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰে।

সেইদৰে লখিমপুৰ জিলাৰ পশু চিকিৎসা বিভাগ, হস্ততাত আৰু বস্ত্ৰ শিল্প বিভাগ, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানেও প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে। আনকি কেইবাটাও মহিলা আত্মসহায়ক গোট, নাৰ্চাৰী তথা কৃষি প্ৰযুক্তিৰো প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে।

এই কৃষক মেলাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ জিলাৰ উপায়ুক্ত সুমীত সত্তাৱন, জিলা পশু স্বাস্থ্য আৰু চিকিৎসা বিষয়া ড০ ছত্ৰপতি গয়াৰী, ৰেচম বিভাগৰ সহকাৰী সঞ্চালক কিশোৰ বৰদলৈ, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, লখিমপুৰৰ মুখ্য বিজ্ঞানী ড০ প্ৰৱাল শইকীয়া আৰু কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰৰ জ্যেষ্ঠ বিজ্ঞানী ডা০ প্ৰশান্ত পাঠক।