লক্ষ্য ব্লেকমেইলিং! লাট মণ্ডলক ঘোচ দিবলৈ গৈ আটক হ’ল ছাত্ৰ নেতাসহ দুজন !

নিউজ ডেস্ক। উৎকােচ গ্ৰহণ কৰি নহয়, এইবাৰ উৎকােচ দিবলৈ গৈ আটক হ’ল দুজন।

ব্লেকমেইলিঙৰ লক্ষ্যৰে এগৰাকী লাট মণ্ডলক উৎকােচ দিয়াৰ চেষ্টা চলাই আটক হ’ল দুজন ছাত্ৰ নেতা।

এই ঘটনাৰ স্থান মৰিগাওঁ জিলাৰ লাহৰীঘাট।

জানিব পৰা মতে, লাহৰীঘাট ৰাজহ চক্ৰত লাট মণ্ডলক ঘোচ দিবলৈ গৈ আনাৰুল ইছলাম নামৰ এজন প্ৰাক্তন আমছু নেতা। লগতে আছিল গিয়াছউদ্দিন আহমেদ নামৰ আন এজন লােক।

উল্লেখযোগ্য যে ৰাজহ চক্ৰটোৰ অন্তৰ্গত ফজিলা খাতুন নামৰ এগৰাকী মহিলাই বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰৰ বাবে লাহৰীঘাটৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন জনাইছিল।

অভিযোগমতে, লাট মণ্ডলগৰাকীক কাগজৰ মাজত ভৰাই দিছিল ধন।

আমছু নেতাজনৰ এই কাণ্ডৰ বিষয়ে জানিব পাৰি লাট মণ্ডলগৰাকীয়ে ৰাজহ চক্ৰ বিষয়াগৰাকীক অৱগত কৰাত আমছুনেতাজনৰ লগতে আনজনকো চক্ৰ বিষয়াগৰাকীয়ে লাহৰীঘাট আৰক্ষীৰ হাতত গতাই দিয়ে।

উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ দাতিয়ালবড়ি আঞ্চলিকৰ এইজন আমছু নেতাই ইয়াৰ পূৰ্বে এগৰাকী স্থানীয় শিক্ষককো অনুৰূপ ধৰণে উৎকােচ যাচি ব্লেকমেইলিং কৰাৰ অভিযোগ আছে।

Leave a Comment