লক্ষ্যস্থান চীন! ৰপ্তানিৰ বাবে সাজু কৰি ৰখা ২১ লাখ ময়ূৰ পাখি জব্দ, মূল্য ৫.২৫ কােটি টকা

March 19, 2021 0 By NEWS DESK

নিউজ ডেস্ক। নিষিদ্ধ থকা সত্ত্বেও বিদেশলৈ চােৰাংকৈ ৰপ্তানি অব্যাহত আছে বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ। এইবাৰ চীনলৈ ৰপ্তানিৰ পথত জব্দ কৰা হ’ল ২১ লাখ ময়ূৰ পাখি।

জানিব পৰা মতে, বৃহস্পতিবাৰে সীমা শুল্ক বিভাগে নতুন দিল্লীত জব্দ কৰে এই বৃহৎ পৰিমাণৰ ম’ৰা চৰাইৰ পাখিৰ ভাণ্ডাৰ।

জব্দকৃৎ পাখি খিনিৰ পৰিমাণ আছিল ২১ লাখ তথা ওজন প্ৰায় ২৬৫৬ কিলো। এইখিনি পি ভি চি পাইপ বুলি ভুল তথ্য দি চীনলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছিল সৰবৰাহকাৰীয়ে।

আমদানি শুল্ক বিভাগৰ এজন বিষয়াই জনোৱা অনুসৰি, পি ভি চি পাইপ বুলি মিছা তথ্য দি চীনলৈ প্ৰেৰণৰ চেষ্টা কৰিছিল সৰবৰাকাৰীয়ে। আশংকা কৰা মতে, ঔষধ প্ৰস্তুত কৰা কামত ময়ূৰ পাখি চীনলৈ সৰবৰাহ কৰা হয়।

এই পাখি খিনিৰ মূল্য প্ৰায় ৫.২৫ কোটি টকা হ’ব।

দিল্লীৰ এক প্ৰতিষ্ঠানে এই পাখিখিনি সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে সৰবৰাহকাৰী সকলক গ্ৰেপ্তাৰৰ বাবে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।