লক্ষ্ণৌ অভিমুখী ইণ্ডিগ’ বিমানৰ পাকিস্তানত জৰুৰী অৱতৰণ! বিমানতে মৃত্যু ঘটিল এজন যাত্ৰীৰ

লক্ষ্ণৌ অভিমুখী ইণ্ডিগ’ বিমানৰ পাকিস্তানত জৰুৰী অৱতৰণ! বিমানতে মৃত্যু ঘটিল এজন যাত্ৰীৰ

March 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক বিশেষ কাৰণবশতঃ শ্বাৰজাহৰ পৰা লক্ষ্ণৌলৈ আহি থকা এখন ইণ্ডিগ’ বিমানে জৰুৰী অৱতৰণ কৰিবলগীয়া হল পাকিস্তানৰ কৰাচী বিমানবন্দৰত।

বিমানখনত যাত্ৰা কৰা এজন যাত্ৰীৰ চিকিৎসা জনিত অসুবিধাৰ বাবে 6E 1412 ইণ্ডিগ’ বিমানখনে জৰুৰী অৱতৰণ কৰে কৰাচীত।

ইণ্ডিগ’ বিমান কৰ্তৃপক্ষই জনোৱা অনুসৰি, এজন যাত্ৰীৰ জৰুৰী চিকিৎসাৰ বাবে শ্বাৰজাহৰ পৰা লক্ষ্ণৌলৈ আহি থকা অৱস্থাত ঘূৰি দিব লগা হয় কৰাচী বিমানবন্দৰলৈ। কিন্তু দুৰ্ভাগ্যজনক ভাৱে যাত্ৰীজনক বচাব পৰা নগ’ল।

বিমানবন্দৰৰ চিকিৎসকৰ দলে মৃত ঘোষণা কৰে যাত্ৰীজনক। মৃত যাত্ৰীজনৰ পৰিয়াললৈ শোক প্ৰকাশ কৰে বিমান কৰ্তৃপক্ষই।

উল্লেখ্য যে কিছুদিন আগত এখন ভাৰতীয় এয়াৰ এম্বুলেন্স ইন্ধন ভৰাবৰ বাবে জৰুৰী অৱতৰণ কৰিছিল ইছলামাবাদ বিমানবন্দৰত।

ইয়াৰোপৰি যোৱা বৰ্ষৰ শেষৰফালে এখন Go Air বিমানে এজন যাত্ৰীৰ হৃদযন্ত্ৰৰ ৰােগৰ বাবে কৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিছিল।

লগতে চাওকঃ

মাজ আকাশত অঘটন! পাইলটক ‘টিকটবিহীন’ মেকুৰীৰ আক্ৰমণৰ বাবেই জৰুৰী অৱতৰণ বিমানৰ

এইবাৰ আৰক্ষী বিভাগত নিযুক্তি তৃতীয় লিংগৰ লোক! একেলগে চাকৰি লাভ কৰিলে ১৩ জনে

G4-1

নিৰ্বাচনী প্ৰচাৰত আৰক্ষীৰ বাধা! বিমানবন্দৰতে ধৰ্ণা বহিল এজন প্ৰাক্তন মুখ্যমন্ত্ৰী, আটক

G2-1

প্ৰধানমন্ত্ৰীক ‘হনুমান’ আৰু ক’ভিড প্ৰতিষেধকক ‘সঞ্জীৱনী’ৰ সৈতে তুলনা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ!