নিউজ ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দলে।
বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিয়াৰ কথা ঘোষণা কৰাৰ সময়তে এইবাৰ কংগ্ৰেছৰ সৈতে একত্ৰিত হোৱাৰ কথা ঘোষণা কৰিলে লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টীৰ নেতা প্ৰদ্যুত বৰাই।
একালৰ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে টুইটযোগে জানিবলৈ দিয়া মতে, ভাৰতত বৃদ্ধি পোৱা ঘৃণা আৰু অসত্যৰ পৰা দেশবাসীক মুক্ত কৰিবলৈ এলডিপিয়ে কংগ্ৰেছত চামিল হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
টুইটাৰত বৰাই কয়, ‘আমাৰ দল এল ডি পিয়ে কংগ্ৰেছৰ সৈতে একত্ৰিত হোৱাৰ সিদ্ধান্ত লৈছে। আমাৰ দলৰ সদস্যসকলৰ এক বিপুল সংখ্যকে অনুভৱ কৰে যে দেশখনক আৱৰি ৰখা ঘৃণা আৰু অসত্যৰ চাঁদৰ আতৰাবলৈ ভাৰতে এক ঐক্যবদ্ধ বিৰোধী দল গঢ়ি তোলাৰ প্ৰয়োজন আছে।”
বৰাই লগতে প্ৰকাশ কৰা মতে, সমৰ্থকৰ সামুহিক সিদ্ধান্তৰ প্ৰতি সন্মান জনাই তেওঁৰ দলটোৱে কংগ্ৰেছত চামিল হব বিচাৰিছে।
উল্লেখ্য যে, বিজেপিৰ আইটি চেলৰ প্ৰতিষ্ঠাপক প্ৰদ্যুত বৰাই ২০১৫ চনত বিজেপি ত্যাগ কৰি লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টীৰ আৰম্ভণি ঘটাইছিল।
প্ৰবীণ বিজেপি নেতা লালকৃষ্ণ আদৱানী, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত প্ৰদ্যুত বৰাই বিজেপিৰ বিৰুদ্ধে মতাদৰ্শ পৰিত্যাগৰ অভিযোগ তুলিছিল।