NATIONAL

লকডাউন বিধি ভংগ! বিধায়কক জৰিমনা বিহাৰ বাবেই বদলি হ’ল আৰক্ষী বিষয়া

নিউজ ডেস্ক। আজিৰ দিনত এজন বিধায়ক মানেই যেন সমস্ত ক্ষমতাৰ যেন অধিকাৰী তেওঁ! সেয়েহে একাংশ বিধায়কে কৰিবলৈ লয় ক্ষমতাৰ অপপ্ৰয়োগ। নিজকে ভাবিবলৈ লয় সকলোৰে ৰজা বুলি। যাৰফলত নামানে কোনো নীতি-নিয়ম।

এইবাৰ তেনেদৰে নিয়ম নমনা এজন বিধায়কক জৰিমনা বিহিলে এজন আৰক্ষী বিষয়াই। যাৰফলত আৰক্ষী বিষয়াজনক আন ঠাইলৈ বদলি কৰালে বিধায়কজনে।

এই ঘটনা যোৱা দেওবাৰে সংঘটিত হয় উত্তৰাখণ্ডৰ মুচৌৰিত।

জানিব পৰা মতে বিধায়ক জন হল ৰুৰ্কি সমষ্টিৰ বিধায়ক প্ৰদীপ বাত্ৰা আৰু জৰিমনা বিহা আৰক্ষী উপ পৰিদৰ্শক জনৰ নাম হল নিৰক কাথাইট। এই ঘটনা এতিয়া বিয়পি পৰিছে সৰ্বত্ৰে।

সামাজিক মাধ্যমত দেখা এক দৃশ্যত দেখা অনুসৰি, যোৱা দেওবাৰৰ দিনা বিধায়কজনে মুচৌৰিলৈ আহি থাকোঁতে মুখত পৰিধান কৰা নাছিল মাস্ক। সেই দৃশ্য প্ৰত্যক্ষ কৰি আৰক্ষী বিষয়াজনে ৰাখে তেওঁক।

তেওঁ লকডাউনৰ সময়ছোৱাত আনকি নিজৰ পৰিয়ালক গাড়ীত লৈ ঘূৰিও ফুৰিছিল। সেয়েহে বিষয়াজনে জৰিমনা বিহাৰ কথা কয় বিধায়কজনক।

সেই অনুসৰি ৫০০ টকাৰ জৰিমনা বিহে বিষয়াজনে।

বিধায়কজনে আৰক্ষী উপ পৰিদৰ্শক জনৰ সেই কথা শুনি খঙত ফাটি পৰে আৰু বিষয়াজনৰ গালৈ পইছা দলিয়াই দিয়ে আৰু খোজকাঢ়ি আঁতৰি যায়। আৰু তাৰ পিছতেই সেই কাৰ্যৰ বাবে বৃহস্পতিবাৰৰ দিনা বদলিৰ নিৰ্দেশ লাভ কৰে বিধায়কক জৰিমনা বিহা সেই বিধায়কজনে।

মুচৌৰি ৰাজহ চক্ৰৰ বিষয়া নৰেন্দ্ৰ পণ্টে জনোৱা অনুসৰি, বিষয়াজনক পূৰ্বৰ ঠাইৰ পৰা ৪০ কিমি দূৰৰ কালচিলৈ বদলি কৰা হৈছে। তেওঁ বিষয়টোৰ পৰা আঁতৰি কয় যে উপ পৰিদৰ্শক জনৰ সেই ঠাইত তিনি বছৰ হৈ গৈছে, সেয়েহে আন ঠাইলৈ তেওঁক বদলি কৰা হৈছে।

এই খবৰ সৰ্বত্ৰে বিয়পি পৰাৰ পিছতেই সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

বহুতে আৰক্ষী বিষয়াজনক বদলি কৰা কাৰ্যৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰে। আৰক্ষী বিষয়াজনৰ কৰ্তব্যত বাধা দিয়া বুলিও প্ৰতিবাদ কৰে বহুতে।

মুচৌৰি ব্যৱসায়ী সন্থাইয়ো উপ পৰিদৰ্শক জনৰ বদলিৰ বিৰোধিতা কৰি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱাটলৈ এখন পত্ৰ প্ৰেৰণ কৰে।

তেওঁলোকে কয়, “বিধায়কজনে আইন ভংগ কৰিছে। উপ পৰিদৰ্শকজনে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। ই প্ৰশংসনীয় কাৰ্য হোৱা উচিত। কিন্তু তাৰ বিপৰীতে তেওঁ শাস্তিৰহে সন্মুখীন হল।”

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button