লকডাউনৰ সময়ত ১৪੦੦ কিঃমিঃ স্কুটী চলাই পুত্ৰক উদ্ধাৰ কৰা শিক্ষয়িত্ৰীৰ পুত্ৰ আবদ্ধ ইউক্ৰেনত…

সময় মাৰ্চ, ২০২০। কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে দেশজুৰি ঘোষণা কৰা হৈছিল লকডাউন। সেই সময়ত ৭০০ কিলোমিটাৰ দূৰত আৱদ্ধ সন্তানক আনিবলৈ স্কুটী চলাই উপস্থিত হৈছিল মাতৃ।

পুত্ৰস্নেহত বন্দী ৰাজিয়া নামৰ এই মহিলাগৰাকীৰ সাহসিকতাই দেশজুৰি চৰ্চা লাভ কৰিছিল। সামাজিক মাধ্যমতো মাতৃগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছিল নেটিজেনে।

G1 12
লকডাউনৰ সময়ত ১৪੦੦ কিঃমিঃ স্কুটী চলাই পুত্ৰক উদ্ধাৰ কৰা শিক্ষয়িত্ৰীৰ পুত্ৰ আবদ্ধ ইউক্ৰেনত... 3

সেই ঘটনাৰ আজি সম্পূৰ্ণ দুটা বছৰ অতিক্ৰম কৰিলে। কিন্তু পুনৰ এবাৰ ঘৰৰ পৰা নিলগত আৱদ্ধ হৈ পৰিছে ৰাজিয়া বেগমৰ পুত্ৰ। কিন্তু এইবাৰ চুবুৰীয়া ৰাজ্যত নহয়, তেওঁৰ পুত্ৰ এতিয়া আৱদ্ধ হৈ আছে সুদূৰ ইউক্ৰেইনত।

পুত্ৰৰ বাবে ৭০০ কিলোমিটাৰ স্কুটী চলাই যোৱা ৰাজিয়াই কিন্তু এতিয়া ইচ্ছা কৰিলেও পুত্ৰৰ কাষলৈ দৌৰি যাব নোৱাৰে।

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আন আন ভাৰতীয় শিক্ষাৰ্থীৰ সৈতে আৱদ্ধ হৈ থকা পুত্ৰক স্বদেশলৈ উভতাই আনিবলৈ সেয়ে তেওঁ আহ্বান জনাইছে ভাৰত চৰকাৰক।

p1 8
লকডাউনৰ সময়ত ১৪੦੦ কিঃমিঃ স্কুটী চলাই পুত্ৰক উদ্ধাৰ কৰা শিক্ষয়িত্ৰীৰ পুত্ৰ আবদ্ধ ইউক্ৰেনত... 4

উল্লেখ্য যে, তেলেংগানাৰ নিজামবাদৰ নিৱাসী ৰাজিয়া বেগম পেছাত এগৰাকী বিদ্যালয় শিক্ষয়িত্ৰী।

২০২০ চনত কোভিড মহামাৰীৰ সময়ত বন্ধুক থবলৈ গৈ অন্ধ্ৰপ্ৰদেশত আৱদ্ধ হৈ পৰিছিল তেওঁৰ পুত্ৰ নিজামুদ্দিন। ৰাজিয়াই এই বিষয়ে পুত্ৰৰ পৰা খবৰ লাভ কৰাৰ পিছতে এখন স্কুটী লৈ অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰত উপস্থিত হয় আৰু স্কুটীতেই পুত্ৰক উঠাই ঘৰ পায়।

বৰ্তমান ৰাছিয়াৰ সীমান্তৱৰ্তী চহৰ লাগোয়াৰ চুমি ষ্টেট মেডিকেল কলেজৰ প্ৰথম বৰ্ষৰ ছাত্ৰ নিজামুদ্দিন ৰাষ্ট্ৰখনতে আৱদ্ধ হৈ আছে।

অৱশ্যে ভাৰত চৰকাৰে অপাৰেশ্যন গংগাৰ জৰিয়তে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় সকলক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও ৰাষ্ট্ৰখনতে আৱদ্ধ হৈ আছে নিজামুদ্দিন।

Leave a Comment