
নিউজ ডেস্কঃ সাধাৰণতে দেখা যায়, ৰাজনীতিত অভিজ্ঞতা নাথাকিলেও মন্ত্ৰিত্ব লাভ কৰা সহজ।
কোনো এটা বিভাগৰ বিষয়ে সম্যক জ্ঞান নথকা স্বত্বেও সেই বিভাগৰ মন্ত্ৰিত্ব লাভ কৰা বহু ৰাজনীতিবিদে পৰৱৰ্তী সময়ত গ্ৰহণ কৰা সিদ্ধান্ত বা প্ৰকাশ কৰা মতামতে বিতৰ্কৰ সূচনা কৰে।
কিন্তু যদি যোগ্যজনৰ হাতত যদি এটা বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয় তেতিয়া? এয়া নিতান্তই স্বাভাৱিক যে তেতিয়া বিভাগৰ প্ৰকৃত উন্নয়নৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়।

পশ্চিম বংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰৰ ৰাজ্যিক ক্ৰীড়ামন্ত্ৰী মনোজ তিৱাৰীয়েও খেলপথাৰত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰে প্ৰমাণ কৰি দিছে যে তেওঁ এই বিভাগৰ বাবে যোগ্য। যাৰ বাবে এতিয়া সংবাদ মাধ্যম, সামাজিক মাধ্যম সকলোতে চৰ্চা চলিছে মনোজ তিৱাৰীক লৈ।
ৰঞ্জী ট্ৰফী-২০২২ত এটা নহয়, দুটাকৈ শতক অৰ্জন কৰি ক্ৰীড়ামন্ত্ৰী হিচাপে নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৰাজ্যিক ক্ৰীড়ামন্ত্ৰী মনোজ তিৱাৰীয়ে।
শেহতীয়াকৈ বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন কৰি নিজ দলৰ হৈ গুৰুত্বপূৰ্ণ অৰিহণা যোগায় তিৱাৰীয়ে।

মধ্যপ্ৰদেশৰ বিৰুদ্ধে ছেমি ফাইনেলৰ তৃতীয় দিনটোত ৰাজ্যিক ক্ৰীড়ামন্ত্ৰী মনোজ তিৱাৰীয়ে ২০৫ বলত ১২টা বাউণ্ডাৰিৰে কেৰিয়াৰৰ ২৯ সংখ্যক শতক অৰ্জন কৰে।
মনোজ তিৱাৰী খেলপথাৰলৈ অহাৰ পূৰ্বে প্ৰথম ইনিংছত ৩৪১ ৰানৰ উত্তৰত পশ্চিম বংগই ৫৯ ৰানতে ৫টা উইকেট হেৰুৱাই তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। কিন্তু সেই সময়তে ক্ৰিজত নামি মনোজ তিৱাৰীয়ে শ্বাহবাজ আহমেদৰ সৈতে মিলি দলক গতি প্ৰদান কৰে আৰু যুটীটোৱে একেলগে ১৮৫ ৰান সংগ্ৰহ কৰে।

অৱশ্যে শতক অৰ্জনৰ ঠিক পিছতে পেভিলিয়নমুখী হ’বলগীয়া হয় মনোজ তিৱাৰীয়ে। কিন্তু যি সময়ত তেওঁ ক্ৰিজত আছিল, সেই সময়ত তেওঁৰ দুৰ্দান্ত প্ৰদৰ্শনে পুলকিত কৰে দৰ্শকক।
ইফালে শতক অৰ্জনৰ পিছতে এই বিশেষ মুহূৰ্ত উদযাপন কৰি তিৱাৰীয়ে জেপৰ পৰা এখন টোকা উলিয়াই তেওঁৰ পৰিয়ালৰ প্ৰতি থকা ভালপোৱাও প্ৰদৰ্শন কৰে।
ৰাজ্যিক ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে কেমেৰাৰ সন্মুখত দেখুওৱা সেই বিশেষ টোকাখনত লিখা আছিল- মই তোমাক ভালপাও সুস্মিতা…। উল্লেখ্য যে, সুস্মিতা হৈছে মনোজ তিৱাৰীৰ পত্নীৰ নাম।

এই খেলখনত মনোজ তিৱাৰীৰ উপৰিও অলৰাউণ্ডাৰ শ্বাহবাজ আহমেদেও শতক অৰ্জন কৰে।
প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে যোৱা সপ্তাহত অনুষ্ঠিত ৰঞ্জী ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলৰ দুটা ইনিংছতো বংগৰ ৰাজ্যিক ক্ৰীড়ামন্ত্ৰী মনোজ তিৱাৰীয়ে ক্ৰমে ৭৪ আৰু ১৩৬ ৰান সংগ্ৰহ কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
মনোজ তিৱাৰীৰ এই উন্নত প্ৰদৰ্শনৰ পিছত এজন যোগ্য ব্যক্তিৰ হাতত পশ্চিমবংগৰ ক্ৰীড়া বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি মত প্ৰকাশ কৰিছে বিভিন্নজনে।
লগতে চাওকঃ
যোগ্য জনৰ হাতত বিভাগৰ দায়িত্বঃ ৰঞ্জী ট্ৰফীত দুটাকৈ শতক অৰ্জন কৰিলে এগৰাকী ক্ৰীড়া মন্ত্ৰীয়ে…

2 Comments