যুৱ ক’ভিড ৰােগীৰ বাবে হাস্পতালৰ বিছনা ত্যাগ কৰিলে বৃদ্ধই, ৩ দিন পাছত ঘৰতে মৃত্যু

April 29, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বৰ্তমান সময়ত দেশৰ প্ৰায় বোৰ সৰু বৰ চহৰৰ চিকিৎসালয়ত ক’ভিড ৰোগীয়ে বিচনা বিচাৰি কৰিবলগীয়া হৈছে এক প্ৰকাৰৰ হাহাকাৰ। তেনে সময়তে নাগপুৰৰ এজন বৃদ্ধই কৰা ত্যাগে সকলোৰে হৃদয়ত স্থান লাভ কৰিছে।

তেওঁৰ ত্যাগৰ কথা শুনিলে যিকোনো সংবেদনশীল মানুহে এবাৰ হ’লেও তেওঁৰ ত্যাগৰ বিষয়ে ভাবিবলৈ বাধ্য হ’ব।

জানিব পৰা মতে, নাগপুৰৰ নিবাসী তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন স্বেচ্ছাসেৱক ৮৫ বছৰীয়া নাৰায়নৰাও ডাভডকাৰ হৈছিল কভিড পজিতিভ। তেওঁৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটিবলৈ লৈছিল। বহুতো চেষ্টাৰ অন্তত পৰিয়ালৰ লোকে তেওঁৰ বাবে চিকিৎসালয়ত এখন বিচনাৰ ব্যৱস্থা কৰিছিল।

সেই অনুসৰি তেওঁক নাগপুৰৰ ইন্দিৰা গান্ধী চিকিৎসালয়ত ভৰ্তি কৰিবলৈ লোৱা হ’ল। চিকিৎসালয়ত তেওঁক ভৰ্তি কৰিবলৈ যা-যোগাৰ কৰি থাকোতেই এগৰাকী মহিলাই তেওঁৰ ৪০ বছৰীয়া স্বামীক ভৰ্তি কৰিবলৈ চিকিৎসালয় খনত বিচনা বিচাৰি আছিল। বিচনা বিচাৰি মহিলা গৰাকীয়ে চিকিৎসালয় কৰ্তৃপক্ষক বহুতো কাকুতি মিনতি কৰিছিল। মহিলা গৰাকীৰ সেই দৃশ্য খিৰিকীৰে প্ৰত্যক্ষ কৰি নাৰায়ণৰাওৱে সহ্য কৰিব পৰা নাছিল।

দৃশ্যটো দেখি নাৰায়ণ ৰাওৱে চিকিৎসকক কলে, “মোৰ বয়স ৮৫ পাৰ হ’ল। জীৱনত মই বহুত কিবাকিবি দেখিলো আৰু পালো। কিন্তু বৰ্তমান মোতকৈয়ো এই মহিলা গৰাকীৰ স্বামীৰ বাবেহে চিকিৎসালয়ৰ বিচনা অতিকে প্ৰয়োজন। মহিলা গৰাকীৰ সন্তানৰ বাবে পিতৃক বেছি প্ৰয়োজন। যদি তেওঁৰ স্বামীৰ মৃত্যু হয়, তেন্তে তেওঁৰ সন্তান কেইটা অনাথ হৈ পৰিব। সেয়েহে বৰ্তমান মই সেই লোকজনৰ প্ৰাণ বছোৱাটো হল মোৰ দায়িত্ব।”

নাৰায়নৰাওৰ এই মন্তব্য শুনাৰ পিছত পৰিয়ালৰ লোকসকলে আৰু চিকিৎসকে নাৰায়নৰাওক বহু বুজনি দিয়ে। কিন্তু তেওঁ নিজৰ মতত অলৰ অচৰ। সেয়েহে চিকিৎসালয় কৰ্তৃপক্ষই নাৰায়নৰাওৰ পৰা এখন পত্ৰ লিখা লয় যে তেওঁ স্ব ইচ্ছাৰে সেই লোকজনক তেওঁৰ বিচনা খন দিয়ে। আৰু তাৰ পিছতেই নাৰায়নৰাওক পৰিয়ালৰ লোকে ঘৰলৈ লৈ যায়। ঘৰত তেওঁৰ অৱস্থা অতি শোচনীয় হৈ পৰে আৰু তিনি দিনৰ পিছত তেওঁৰ মৃত্যু হয়।

জীৱনৰ শেষ মূহুৰ্তত তেওঁ কৰা এই অসাধাৰণ ত্যাগে এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে। তেওঁৰ এই উল্লেখনীয় কাৰ্য সন্দৰ্ভত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে সামাজিক মাধ্যমত লিখে- “আন ব্যক্তিৰ জীৱন ৰক্ষাৰ বাবে তিনি দিনৰ পিছত বিদায় মাগে শ্ৰী নাৰায়ন দেৱে। সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰকৃত সেৱকেহে এনে ত্যাগ কৰিব পাৰে। আপোনাৰ পৱিত্ৰ সেৱাৰ মনোভাৱক প্ৰণাম জনালো। সমাজৰ বাবে আপুনি আজি প্ৰেৰণাদায়ক। দিব্যাত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি।”

সামাজিক মাধ্যমতো অজস্ৰজনে নাৰায়নৰাও ডাভডকাৰৰ ত্যাগক সন্মান জনায় চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰে। বহুতে কয় যে ই কিমান লজ্জাজনক যে আনৰ জীৱন ৰক্ষাৰ বাবে এজন বৃদ্ধই চিকিৎসালয়ৰ বিচনা খালী কৰি দিব লগীয়া হয়। কিন্তু সেই বৃদ্ধজনক চৰকাৰে আন কোনো চিকিৎসালয়ত এখন বিচনা যোগাৰ কৰি দিব নোৱাৰিলে।

এই খবৰ এতিয়া সৰ্বত্ৰে হৈ পৰিছে ভাইৰেল।