যুদ্ধবিধ্বস্ত ইউক্ৰেইনত পুনৰ মৃত্যু ভাৰতীয় ছাত্ৰৰ!

নিউজ ডেস্ক। যুদ্ধবিধ্বস্ত ইউক্ৰেইনত পুনৰ প্ৰাণ হেৰুৱালে আন এজন ভাৰতীয়ই।

ৰাছিয়াৰ সামৰিক বাহিনীয়ে আতংকৰ সৃষ্টি কৰা ৰাষ্ট্ৰখনত বুধবাৰে মৃত্যুক সাৱটি লয় পঞ্জাৱৰ এজন ছাত্ৰই।

জানিব পৰা মতে, ইউক্ৰেইনৰ ভিনিটচিয়াৰ ভিনিটচিয়া নেচনেল পাইৰোগভ মেম’ৰিয়েল মেডিকেল ইউনিভাৰ্চিটিত এমবিবিএছ অধ্যয়নৰত চন্দন জিন্দাল নামৰ ২২ বছৰীয়া শিক্ষাৰ্থীজনৰ বুধবাৰে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে।

p4
যুদ্ধবিধ্বস্ত ইউক্ৰেইনত পুনৰ মৃত্যু ভাৰতীয় ছাত্ৰৰ! 3

মৃত শিক্ষাৰ্থীজন আছিল পঞ্জাৱৰ বাৰনালাৰ নিবাসী।

বাতৰি অনুসৰি, জিন্দালক ইস্কিমিক ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ পিছত জৰুৰীকালীন চিকিৎসালয় ভিনিটচিয়া (কিয়েভস্কা ষ্ট্ৰীট ৬৮)ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু বুধবাৰে পুৱাই তেওঁৰ মৃত্যু ঘটে।

ইফালে চন্দনৰ বিয়োগৰ বাতৰিয়ে শোকস্তব্ধ কৰিছে পৰিয়ালটোক। তেওঁৰ পিতৃয়ে ভাৰত চৰকাৰক পুত্ৰৰ শৰীৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

P5 1
যুদ্ধবিধ্বস্ত ইউক্ৰেইনত পুনৰ মৃত্যু ভাৰতীয় ছাত্ৰৰ! 4

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ইউক্ৰেইনত চিকিৎসা শিক্ষা গ্ৰহণ কৰি থকা কৰ্ণাটকৰ আন এজন শিক্ষাৰ্থীয়ে প্ৰাণ হেৰুৱাইছিল। খাৰকিভত খাদ্য বিচাৰি বাংকাৰৰ পৰা ওলাই অহাৰ সময়তে ৰাছিয়াৰ মিছাইল আক্ৰমণত প্ৰাণ হেৰুৱাইছিল নবীনে।

ভাৰত চৰকাৰে কৰ্ণাটকৰ ছাত্ৰজনৰ মৃতদেহো স্বদেশলৈ অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

Leave a Comment