যুদ্ধবিধ্বস্ত ইউক্ৰেইনত মৃত্যু প্ৰথমজন ভাৰতীয়ৰ, ৰাছিয়াৰ গোলাবৰ্ষণত মৃৃত্যু কৰ্ণাটকৰ ছাত্ৰৰ…

যুদ্ধবিধ্বস্ত ইউক্ৰেইনত মৃত্যু প্ৰথমজন ভাৰতীয়ৰ।

ৰাছিয়াৰ গোলাবৰ্ষণত দুখজনক মৃৃত্যু কৰ্ণাটকৰ ছাত্ৰ নবীন শেখৰাপ্পাৰ।

ভাৰতীয় বৈদেশিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা ভাৰতীয় ছাত্ৰ গৰাকীৰ মৃত্যু হোৱা বুলি স্পষ্ট কৰা হয়।

Image

বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে টুইট কৰি মঙলবাৰে খাৰকীভত ৰাছিয়ান সেনাৰ আক্ৰমণত ভাৰতীয় ছাত্ৰজনৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে।

লগতে পৰিয়ালৰ লোকৰ সৈতে ভাৰত চৰকাৰে সম্পৰ্ক স্থাপন কৰিছে বুলি সদৰী কৰে।

উল্লেখযোগ্য যে, ইউক্ৰেইনত থকা ভাৰতীয় ৰাষ্ট্ৰদূতৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা ভাৰতীয় নাগৰিক সকলক আজিৰ ভিতৰত ইউক্ৰেইনৰ ৰাজধানী কীয়েভ এৰাৰ বাবে নিৰ্দেশ দিছে।

ৰাছিয়ান সেনাই আজি কীয়েভত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি ধাৰণা কৰিয়ে ভাৰতীয় ৰাষ্ট্ৰদূতৰ কাৰ্য্যালয়ে ভাৰতীয় নাগৰিক সকলক ৰাজধানী চহৰখনৰ পৰা আঁতৰি অহাৰ বাবে আহ্বান জনাইছে।

Leave a Comment