অসম

যি দুটা ৱাৰ্ডত AAP-AJP জিকিছে সেই দুটা ৱাৰ্ডৰ বিষয়ে সকলোৱে জানে, মই নো কি ক’মঃ মুখ্যমন্ত্ৰী

২২ এপ্ৰিলত অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ আজি পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগণনা।

পুৱা ৮ বজাৰ পৰা মহানগৰীৰ মনিৰাম দেৱান ট্ৰেড চেন্টাৰত স্থাপন কৰা গণনা কক্ষত হয় ভোট গণনা।

মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৭টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত বিজেপি দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়।

পৌৰসভা নিৰ্বাচনত বিজেপিয়ে ৫২খন আসন লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে অগপ দলে লাভ কৰে ৬খন আসন আৰু AAP-AJPয়ে এখনকৈ আসন লাভ কৰে।

নিৰ্বাচনত AAP-AJPয়ে এখনকৈ আসন লাভ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয়- ‘যি দুটা ৱাৰ্ডত AAP আৰু AJP জিকিছে সেই দুটা ৱাৰ্ডৰ বিষয়ে জানেই সকলোৱে; মই নো আৰু কি ক’ম। কোনোবা নহয় কোনোবা জয়ী হ’ব লগা আছিলেই।’

উল্লেখ্য যে, ৫৭ টা ৱাৰ্ডত অনুষ্ঠিত হোৱা নিৰ্বাচনত ১৯৭ গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।

৯ বছৰৰ মূৰত অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ প্ৰথমবাৰৰ বাবে ই ভি এম ব্যৱহাৰ হৈছিল।

Related Articles

Leave a Reply

Back to top button