যিদিনা নিশা এগৰাকী মহিলাই থানাত এজাহাৰ দিবলৈ নিৰ্ভয়ে আহিব, সেইদিনাই বুজিম অসম আৰক্ষী প্ৰকৃততে জনহিত জনসেৱাৰ্থেঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। ‘যিদিনা নিশা ২ বজাতো এগৰাকী মহিলাই আৰক্ষী থানাত এজাহাৰ দিবলৈ নিৰ্ভয়ে আহিব, সেইদিনাই বুজিম অসম আৰক্ষী প্ৰকৃততে জনহিত জনসেৱাৰ্থে।’

ন’ৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমিৰ ৫০ সংখ্যক দীক্ষান্ত সমাৰোহত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিগত কিছুদিনত সাধাৰণ লোকৰ ওপৰত আৰক্ষীৰ ক্ষমতাৰ অপপ্ৰয়োগৰ কেইবাটাও ঘটনা পোহৰলৈ অহাৰ পিছত অসম আৰক্ষীৰ ভূমিকা আৰু দায়বদ্ধতা সম্পৰ্কত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

image 7
যিদিনা নিশা এগৰাকী মহিলাই থানাত এজাহাৰ দিবলৈ নিৰ্ভয়ে আহিব, সেইদিনাই বুজিম অসম আৰক্ষী প্ৰকৃততে জনহিত জনসেৱাৰ্থেঃ মুখ্যমন্ত্ৰী 5

মুখ্যমন্ত্ৰীয়ে কয় যে আৰক্ষীত নতুনকৈ যোগদানৰ সময়ত সকলোৱে কেইটামান দায়িত্ব মনত ৰাখিব লাগিব। ক

ৰ্তব্যৰ পথত যেতিয়াই আবাল, বৃদ্ধ, বণিতা, দিব্যাংগ আৰু সমাজৰ আটাইতকৈ দৰিদ্ৰ সকলক লগ পোৱা হয়, তেতিয়াই তেওঁৰ প্ৰতি আৰক্ষী মৰমীয়াল আৰু শ্ৰদ্ধাশীল হ’ব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মহিলা আৰু শিশু সকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰক্ষীয়ে কাম কৰিব লাগিব আৰু প্ৰকৃতাৰ্থত জনহিত জনসেৱাৰ্থে মূল মন্ত্ৰৰে অসমৰ মাটিত শান্তিৰ পৰিৱেশ বৰ্তাই ৰখাৰ বাবে নিৰন্তৰ কাম কৰিব লাগিব।

image 8
যিদিনা নিশা এগৰাকী মহিলাই থানাত এজাহাৰ দিবলৈ নিৰ্ভয়ে আহিব, সেইদিনাই বুজিম অসম আৰক্ষী প্ৰকৃততে জনহিত জনসেৱাৰ্থেঃ মুখ্যমন্ত্ৰী 6

আৰক্ষীৰ লোকসকলে নিজৰ মাজতো এক মানৱীয়তাৰ মানসিকতা প্ৰৱল কৰি কৰি ৰাখিব লাগিব বুলি মুখ্যমন্ত্ৰী দীক্ষান্ত সমাৰোহৰ ভাষণত মন্তব্য কৰে।

অপৰাধৰ বিৰুদ্ধে কৰা যুঁজখনত জনসাধৰণে আৰক্ষীক সমৰ্থন কৰক, তাৰ বাবে আৰক্ষীসকল সাধাৰণ জনতাৰ প্ৰতি সহানুভূতিশীল আৰু সংবেদনশীল হোৱাৰ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তদুপৰি তেওঁ কয় যে অসমৰ থানাসমূহ এনেদৰে গঢ়ি তোলা উচিত যাতে নিশা ২ বজাতো এগৰাকী মহিলাই অকলশৰে আহি নিৰ্ভয়ে, নিঃসংকোচে এজাহাৰ দাখিল কৰিব পাৰে, নিজৰ মনৰ কথা ক’ব পাৰে।

image 9
যিদিনা নিশা এগৰাকী মহিলাই থানাত এজাহাৰ দিবলৈ নিৰ্ভয়ে আহিব, সেইদিনাই বুজিম অসম আৰক্ষী প্ৰকৃততে জনহিত জনসেৱাৰ্থেঃ মুখ্যমন্ত্ৰী 7

উল্লেখ্য যে, মেঘালয়ৰ উকিয়ামস্থিত নৰ্থ ইষ্টাৰ্ণ পুলিছ একাডেমীত প্ৰশিক্ষণ সমাপ্ত কৰা ৫৭৮ গৰাকী কেডেট উপ-পৰিদৰ্শকৰ বাবে অনুষ্ঠিত পাছিং আউট পেৰেডত মুখ্য অতিথিৰূপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীৰ সেৱা, নিষ্ঠা আৰু দায়বদ্ধতাৰ বিষয়ে মন্তব্য কৰে।

লগতে চাওকঃ

বিয়াৰ এমাহ নৌহওঁতেই পথ দুৰ্ঘটনাই কাঢ়ি নিলে কংকনৰ প্ৰাণ…

G3 5
যিদিনা নিশা এগৰাকী মহিলাই থানাত এজাহাৰ দিবলৈ নিৰ্ভয়ে আহিব, সেইদিনাই বুজিম অসম আৰক্ষী প্ৰকৃততে জনহিত জনসেৱাৰ্থেঃ মুখ্যমন্ত্ৰী 8

Leave a Comment