যিজন মুখ্যমন্ত্ৰীয়ে আইন প্ৰণয়ন কৰে, তেওঁৰ বাবে কিবা দিন-ৰাতি বুলি কথা আছে নেকি? মুখ্যমন্ত্ৰীৰ জীপ চাফাৰীক লৈ এইবাৰ প্ৰতিক্ৰিয়া বিধায়ক ৰমাকান্ত দেউৰীৰ

নিউজ ডেস্কঃ ‘মুখ্যমন্ত্ৰী এইখন দেশৰ ৰজা, এইখন দেশৰ গৰাকী। যিজনে আইন প্ৰণয়ন কৰে, তেওঁক বাবে কিবা আইন আছে নেকি? মুখ্যমন্ত্ৰীক কোনে বাধা দিব পাৰে?’

কাজিৰঙাত সদগুৰুক লগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিশাৰ জীপ চাফাৰী বিতৰ্কক লৈ এইবাৰ প্ৰতিক্ৰিয়া মৰিগাঁও সমষ্টিৰ শাসকীয় দলৰ বিধায়ক ৰমাকান্ত দেউৰীৰ।

মুখ্যমন্ত্ৰীৰ বাবে দিন-ৰাতি বুলি কোনো কথা নাই বুলি মন্তব্য কৰি ৰমাকান্ত দেউৰীয়ে কয় যে তেওঁক কোনেও বাধা দিব নোৱাৰে। তেঁৱেই এইখন দেশৰ ৰজা, এইখন দেশৰ গৰাকী।

যিগৰাকী মুখ্যমন্ত্ৰীয়ে আইন প্ৰস্তুত কৰে তেওঁৰ বাবে কিবা আইন আছে নেকি বুলিও মন্তব্য কৰে বিজেপিৰ বিতৰ্কিত বিধায়ক ৰমাকান্ত দেউৰীয়ে।

বিৰোধীৰ ওচৰত ইছ্যু নাই কাৰণেই এনে বিতৰ্কৰ সৃষ্টি কৰিছে বুলিও কংগ্ৰেছক সমালোচনা কৰে ৰমাকান্ত দেউৰীয়ে।