‘যাবৎ জীবেৎ সুখং জীবেৎ, ঋণং কৃত্বা ঘৃতং পিবেৎ’- বিজেপ চৰকাৰৰ বিৰুদ্ধে অখিল গগৈৰ অভিনৱ প্ৰতিবাদ…

‘যাৱৎ জীৱেৎ সুখং জীৱেৎ, ঋনং কৃত্বা ঘৃতং পিবেৎ’ লিখা টি চাৰ্ট পিন্ধি অখিল গগৈৰ অভিনৱ প্ৰতিবাদ।
হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অসমৰ সবাটোকৈ ধাৰুৱা চৰকাৰ।
অসম বিধানসভাৰ বাহিৰত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ কটাক্ষ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক সমালোচনা কৰি অখিল গগৈৰ মন্তব্য- অসমৰ ইতিহাসৰ সবাটোকৈ ধাৰুৱা চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ।
হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মাত্ৰ ৬ মাহত ধাৰ ল’লে ১১ হাজাৰ কোটি টকা।
সৰ্বানন্দ সলোণোৱালৰ চৰকাৰৰ সময়ত বিত্তমন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা।
সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ সময়ত ধাৰ লৈছিল ৫১ হাজাৰ কোটি টকা।
বিজেপি চৰকাৰে সৰ্বমুঠ ধাৰ ল’লে ৬২ হাজাৰ কোটি টকা।
৬২ হাজাৰ কোটি টকাৰ ঋণেৰে অসমৰ ইতিহাসৰ সবাটোকৈ ধাৰুৱা আৰু ভাৰতৰ ৰাজ্য চৰকাৰ সমূহৰ ভিতৰত আটাইতকৈ ধাৰুৱা চৰকাৰ হিচাপে পৰিগণিত হৈছে।

হেলিকপ্টাৰত ঘুৰি মিটিং কৰাৰ বাদে একো কৰা নাই মুখ্যমন্ত্ৰীয়ে। নাগপুৰলৈ যাবৰ কাৰনেও চাৰ্টাৰ্ড ফ্লাইটহে ব্যৱহাৰ কৰে।
সুহৃদ আঁচনি এই চৰকাৰে বন্ধ কৰিলে। অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা হেৰুৱাৰ কথা সুধিলে অজন্তা নেওগে অশুদ্ধ উত্তৰ দিলে, বিত্ত মন্ত্ৰী আজি কীংকৰ্তব্যবিমূঢ়, মিছা মাতিবলৈ বাধ্য হৈছে বিত্ত মন্ত্ৰী।
বিজেপি চৰকাৰে অসমখন খালে, অসমখন দেউলীয়া কৰিলে এই চৰকাৰে। বিজেপিক গাদীচ্যুৎ কৰিলেহে অসমক বচাব পৰা যাব বুলি বিস্ফোৰক মন্তব্য শিৱসাগৰৰ বিধায়ক তথা কৃষক নেতা অখিল গগৈৰ।
অসম বিধানসভাৰ বাহিৰত এইদৰেই সাংবাদিকৰ আগত অখিল গগৈয়ে বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে