
নিউজ ডেস্কঃ যাত্ৰীবাহী ৰে’লত মানুহৰ পৰিৱৰ্তে দেখা পোৱা গ’ল এটা ষাঁড় গৰুক। শেহতীয়াকৈ সামাজিক মাধ্যমত ৰে’লৰ ভিতৰত ষাঁড় গৰুৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিচতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। যাত্ৰীবাহী ৰে’লৰ ভিতৰত ষাঁড় গৰু বান্ধি দিয়াৰ অপৰাধত ইতিমধ্যে এজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
এই ঘটনা সংঘটিত হৈছে বিহাৰৰ ভাগলপুৰত। জানিব পৰা মতে, ঝাৰখণ্ডৰ সীমান্তৰ মিৰ্জাচৌকি ষ্টেচনত জামালপুৰ-চাহেবগঞ্জ অভিমুখী ০৩২৪ নম্বৰৰ ইএমইউ স্থানীয় যাত্ৰীবাহী ৰে’লত একাংশ দুস্কৃতিকাৰীয়ে এটা ক’লা ষাঁড়গৰু উঠাই দি যাত্ৰীৰ আসনত বান্ধি থৈছিল।
अब इसे क्या कहेंगे! अब तक साइकिल, दूध का केन, सब्जी आदि लेकर बिहार की ट्रेनों में यात्रा करते देखा होगा. अब एक तस्वीर ये भी देखिए. मिर्जाचौकी से साहिबगंज जाने के दौरान मिर्जाचौकी रेलवे स्टेशन पर लोकल पैसेंजर में कुछ अज्ञातों ने क्या कारनामा किया है. वीडियो- भागलपुर से दिलीप pic.twitter.com/ELdIfXuE1s
— Prakash Kumar (@kumarprakash4u) August 5, 2022
ইয়াৰ পিছতে ডুবাউলিৰ অৱসৰপ্ৰাপ্ত সৈনিক ভোলান ডুবেয়ে মিৰ্জাচৌকি ষ্টেচনৰ পৰা ৰে’ল যাত্ৰা কৰাৰ সময়ত ষাঁড় গৰুটো ৰে’লৰ ভিতৰত প্ৰত্যক্ষ কৰি মোবাইল কেমেৰাত এটা ভিডিঅ’ বনাই সাামাজিক মাধ্যমত পোষ্ট কৰাৰ পিছতে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি।
ভাইৰেল ভিডিঅ’ প্ৰত্যক্ষ কৰিয়েই ৰে’ল সুৰক্ষা বাহিনীয়ে তৎপৰতাৰে এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। এই তদন্তৰ ৭ দিনৰ ভিতৰতে সুদৰ্শন যাদৱ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৰে’ল আৰক্ষীয়ে। ইতিমধ্যে ঘটনাৰ সৈতে জড়িত আন সকলকো কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে ৰে’ল আৰক্ষীয়ে।